দেৱালীৰ আনন্দ উল্লাহৰ মাজতেই মাজুলীত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road Accident)। এখন ছুইফট ডিজায়াৰ গাড়ী ধেমাজীৰ পৰা মাজুলীলৈ আহি থকা অৱস্থাত দুৰ্ঘটনাত পতিত হয় বাহন খন।
গাড়ীখনত থকা ৪জন লোকৰ মাজত থকা PWDৰ কনিষ্ঠ অভিযন্তা সন্দীপ দত্ত থিতাতে নিহত হয়। ধেমাজিৰ পৰা মাজুলীলৈ আহি থকা অৱস্থাত মাজৰ দেউৰীৰ মাজুলী এসাঁজ দলঙৰ সমীপৰ দলঙৰ ওচৰতে থকা ৰাস্তাৰ খুঁটাত তীব্ৰ গতিত আহি থকা বাহনখনে খুন্দিয়াই।
বাকী তিনিজনক জৰুৰীকালীন অৱস্থাত চিকিৎসালয়লৈ (Hospital) লৈ যোৱা হয়। তেওঁ লোক তিনিজনৰ ভিতৰত বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ত অংকিত বাল্মিকী নামৰ যুৱক জনৰো মৃত্যু (Death) হৈছে।
আন দুজন ক্ৰমে উৎপল শইকীয়া আৰু অভিজ্ঞান বৰুৱা বুলি জানিব পৰা গৈছে। দেৱালীৰ আনন্দৰ মাজতে মাজুলীৰ চাৰিজন কৈ যুৱক দুৰ্ঘটনাত পতিত হোৱাৰ খবৰে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে।
পথৰ মাজত আতচবাজী অত্যাধিক পৰিমাণে ফুটোৱাৰ বাবেই এই শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় বুলি সন্দেহ প্ৰকাশ কৰিছে প্ৰত্যক্ষ দৰ্শীয়ে।
Photo & Input: প্ৰাঞ্জল গাৰ্গ
Discussion about this post