ধুবুৰীত (Dhubri) এক ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) সংঘটিত হয়। ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত খৰিদা গোঁসাইগাঁও কালি মন্দিৰৰ সন্মুখত এখন পালছাৰ 220 বাইক আৰু এখন ট্ৰাকৰ সংঘৰ্ষৰ (Bike And Truck Accident) ফলত থিতাতে নিহত জিতু ৰায়, কংকন অধিকাৰী আৰু মোমেন ৰয় (3 Youth Died)। তিনিওজনৰে ঘৰ চাপৰৰ সত্যপুৰত বুলি জানিব পৰা গৈছে। ইয়াৰে কংকন অধিকাৰীয়ে যোৱা ৯ মাৰ্চত বিবাহপাশত আবদ্ধ হৈছিল বুলি জানিব পৰা গৈছে। আনহাতে সদৌ চাপৰ আঞ্চলিক কোচ-ৰাজৱংশী ছাত্ৰ সন্থা (AAKRASU)ৰ উপদেষ্টা আছিল মমেন ৰায় (গাৰো)।
স্থানীয় প্ৰত্যেক্ষ দৰ্শীৰ ভাষ্যমতে দুচকীয়া বাহনখনে ৰাস্তাৰ কাষত ৰখাই থোৱা WB 65D 6810 ট্ৰাক গাড়ীত খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। নম্বৰবিহীন Pulsar 220 বাইকখনত তিনিজন আৰোহী আছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ কেইটা চাপৰ থানালৈ লৈ যায়। যুৱক তিনিজনৰ অকাল মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে আক্ৰাছুৱে (AAKRASU)।
Photo & Input: নুৰজামাল হক
Discussion about this post