ধিঙৰ খৈৰামাৰীত আজি পুৱাই এক ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। যাত্রী কঢ়িয়াই নিয়া এখন বাছ পথৰ পৰা দ’ খাৱৈত বাগৰি পৰাৰ ফলত বহুকেইজন লোক গুৰুতৰভাৱে আহত হয়।
আহতৰ সংখ্যা বৰ্তমানেও জানিব পৰা হোৱা নাই যদিও আহত আটাইকে ততাতৈয়াকৈ ধিং এফ আৰ ইউত ভৰ্তি কৰা হয়।
ধিঙৰ খৈৰামাৰীৰ পৰা তেজপুৰলৈ নিয়মীয়াকৈ চলাচল কৰা AS 02C C2103 নম্বৰ অংগৰাগ নামৰ বাছখনে নিয়ন্ত্রণ হেৰুৱাই দ’ খাৱৈত পৰে।
চালকৰ বিপৰীতে হেণ্ডিমেনে বাছ চলোৱাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ কৰিছে।
Photo & Input: ছাইদুল ইছলাম
Discussion about this post