মানাহ-বৰপেটাৰোড (Manah Barpeta Road) সংযোগী পথৰ বাজেগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা (Horrific Road Accident) । তীব্ৰবেগী KTM বাইকৰ খুন্দাত ভাঙি চূৰমাৰ ই-ৰিক্সা (KTM Bike And Electric Rickshaw), গুৰুতৰভাৱে আহত (Injured 3 Person) তিনিজন। বৰপেটাৰোড আৰক্ষী চকীৰ অন্তৰ্গত মানাহ-বৰপেটাৰোড সংযোগী পথৰ বাজেগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। তীব্ৰবেগী বাইক আৰু ই-ৰিক্সাৰ মাজত মুখামুখি সংঘৰ্ষ হয়।
সংঘৰ্ষত গুৰুতৰভাৱে আহত তিনিজনকৈ লোক। ইয়াৰে এগৰাকী ই-ৰিক্সা চালক আৰু আন দুগৰাকী বাইক আৰোহী। জানিব পৰা অনুসৰি বৰপেটাৰোডৰ পৰা মানাহ অভিমুখে ঘাঁহ কঢ়িয়াই অনা ই-ৰিক্সা এখনত বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে যোৱা KTM বাইক এখনে প্ৰচণ্ড খুন্দা মাৰে। যাৰ ফলতে সংঘটিত হয় ভয়ংকৰ দুৰ্ঘটনাটো।
দুৰ্ঘটনাত পতিত হোৱা KTM বাইখনৰ নম্বৰ AS15R 7694। তাৰ পিছতে ৰাইজৰ সহযোগত আহত লোক তিনিজনক ততাতৈয়াকৈ বৰপেটাৰোড অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমানলৈ আহত লোককেইজনৰ পৰিচয় জানিব পৰা হোৱা নাই।
Photo & Input: জাহিৰুল ইছলাম আৰু ৰবিউল ইছলাম
Discussion about this post