ৰহাৰ (Raha) ফুলগুৰিত (Phulguri) ভয়ংকৰ দুৰ্ঘটনা (Horrific Road Accident)। ছেণ্ট্ৰ গাড়ীৰ খুন্দাত নিহত স্কুটী আৰোহী (Died One)। আহত দুই (Injured Two)। নিহতজনৰ নাম জানিব পৰা হোৱা নাই। দুৰ্ঘটনাগ্ৰস্ত গাড়ীখনৰ নম্বৰ AS 02H 2862 আৰু স্কুটীখনৰ নম্বৰ AS 01DE 8234।
মঙলবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা (Horrific Road Accident)। এখন ছেণ্ট্ৰ গাড়ীৰ খুন্দাত নিহত হয় এগৰাকী স্কুটী আৰোহী। ৰহা দিশৰ পৰা নগাঁও দিশে আহি থকা ছেণ্ট্ৰ গাড়ীখনে ৰাস্তা পাৰ হওতেই স্কুটী আৰোহীজনক মহতিয়াই লৈ যায় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে।
দুৰ্ঘটনাটোত গুৰুতৰভাবে আহত হয় দুজন লোক। নিহতজনৰ নাম বৰ্তমানলৈ জানিব পৰা হোৱা নাই। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোকজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে আহত দুগৰাকীক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰী ফুকননী অসমাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
Photo & Input:জিন্টুমনি শৰ্মা
Discussion about this post