পাষাণ পুত্ৰই হত্যা কৰিলে পিতৃক (Son Kill Father)। হত্যাকৰি পেলাই দিলে পুঠিমাৰী নৈত। এনে এটা ভয়ংকৰ ঘটনা (Horrific Incident) সংঘটিত হৈছে ৰঙিয়াৰ (Rangia) সমীপৰ বাক্সা জিলাৰ ঢোলকুছিত। ৰঙিয়া তিনিআলিৰ আচফাকউল্লাহ খানে পিতৃ আগৱৰ আলী খানক স্কুটিৰে ঢোলকুছিলৈ লৈ গৈছিল।
ঢোলকুছিৰ পুঠিমাৰী নৈৰ মথাউৰীৰ এক নিজান ঠাইত স্কুটিখন ৰখাই পাষাণ পুত্ৰ আচফাকউল্লাহ খানে পিতৃক ডিঙিত চেপি হত্যা কৰে (Son Kill Father)। পুত্ৰৰ এনেকাণ্ড সংঘটিত কৰি থকা সময়তে বিদ্যালয়লৈ সন্তান লৈ গৈ থকা থকা এজন লোকে দেখা পাই। লোকজনে স্কুলৰপৰা ঘূৰি আহি লোকজনক দেখা নেপায়।
বিষয়টোৰ সন্দৰ্ভত লোকজনে ওচৰৰে ঢোলকুছি গাঁৱত খবৰ দিয়াত স্থানীয় ৰাইজে ঘটনাস্থলীত উপস্থিত হৈ মৃত লোকজনৰ চশমা, চেণ্ডেল নৈৰ পাৰত পৰি থকা দেখাপাই। লগে লগে পাষাণ পুত্ৰক স্থানীয় ৰাইজে আটক কৰি বান্ধি ৰাখি আৰক্ষীক খবৰ দিয়ে। কিছু মুহূৰ্তত আৰক্ষী (Rangia Police) উপস্থিত হৈ ৰাইজে আৱদ্ধ কৰি ৰখা যুৱকজনক নিবলৈ চেষ্টা কৰে যদিও স্থানীয় ৰাইজ উত্তেজিত হৈ পৰে।
ৰাইজে আৰক্ষীৰ বাহন আগচি ধৰি প্ৰতিবাদ সাব্যস্ত কৰি হত্যাকাৰী যুৱকজনক লপা-থপা দিয়ে। পিছত স্থানীয় ৰাইজৰ সহযোগত পৰিয়ালৰ লোকে আৰক্ষীৰ উপস্থিত মৃতদেহটো নৈৰ পৰা উদ্ধাৰ কৰে। হত্যাকৰী যুৱকজনৰ পৰা প্ৰায় এক লাখ টকা, এখন চেকবুকৰ লগতে এটা মোবাইল ফোন উদ্ধাৰ কৰে। পৈতৃক সম্পত্তিৰ বাবে এনেদৰে পুত্ৰই পিতৃক হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।
Photo & Input: চফিকুল আহমেদ
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/4-days-dry-day-declare-in-kamrup-metro/8389/
Discussion about this post