দেওবাৰে পুৱাই শিৱসাগৰৰ (Sivasagar Incident) নঙলামৰাত ঘটিল এক অঘটন। ভাঙি পৰিল চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ পকী দলং (Dishang Bridge collapsed)। কথমপি ৰক্ষা পৰিল চালকসহ শিল ভৰ্তি ডাম্পাৰ। দুয়োপাৰৰ শ শ যাত্ৰীৰ ব্যাহত যাতায়ত। তিনিটা সমষ্টিৰ যাতায়তৰ একমাত্ৰ সংগমস্থলী ব্যস্ততাপূৰ্ণ এটা পথ। চেপন চূণপোৰা সংযোগী নঙলামৰা দিচাং নৈৰ ওপৰত থকা পকী দলংখন হঠাৎ পুৱাই ভাগি পৰি হ’ল দুটুকুৰা।
শিৱসাগৰ, নাজিৰা, চৰাইদেউ, মাহমৰা, থাওৰা ৰাইজৰ এটা ব্যস্ততা পূৰ্ণ পথ হ’ল চেপন-চূণপোৰা পথ। চেপন-চূণপোৰা পথৰ দিচাং নৈৰ পকী দলঙৰ দুৰৱস্থাৰ বাবেই দেওবাৰে হঠাৎ ভাঙি পৰিল পকী দলংখন (Dishang Bridge collapsed)।
প্ৰয়াত থাওৰা সমষ্টিৰ বিধায়ক দুৰ্গেশ্বৰ শইকীয়াৰ দিনতেই ১৯৭২চনৰ পৰা চেপন-চূণপোৰা সংযোগী পথৰ দিচাং নৈৰ ওপৰত নিৰ্মাণ কৰি ১৯৭৭ চনত যাতায়তৰ উপযোগী কৰা হৈছিল দিচাং নৈৰ এই পকী দলংখন। ৪৫টা বছৰ গৰকা এই পকী দিচাং নৈৰ দলংখনত মেলিছিল ফাঁট, সৃষ্টি হৈছিল গাঁত। দিচাং নৈৰ এই দলংখন অন্য দলঙতকৈ বহু ঠেক। একে সময়তে এই দলংৰ ওপৰৰে দুখনকৈ যান-বাহন অহা-যোৱা কৰাটো অসম্ভৱ।
নাজিৰা, শিৱসাগৰৰ বাসিন্দাৰ ৰাইজে ডিব্ৰুগড় যাবলৈ, চেপন, মৰাণ, বকতা বাসী ৰাইজ নাজিৰা, শিৱসসাগৰলৈ এই চেপন-চূণপোৰা পথৰে যাব লগা হোৱাত জৰাজীৰ্ণ দলঙেৰে অহাযোৱা কৰি দুৰ্ভোগ ভুগিছিল। এই দিচাং নৈৰ পকী দলং খন ভাগি পৰাত এতিয়া শ শ লোকৰ যাতায়ত বন্ধ হৈ পৰাৰ লগতে চৰকাৰী-বেচৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰী, বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰাত আহি পৰিল ভাবুকি।
এটা ব্যস্ততা পূৰ্ণ এই চেপন-চূণপোৰা পথৰ দিচাং নৈৰ দুৰ্বল দলঙৰ ওপৰৰে গধুৰ গধুৰ অ’এনজিচি যান-বাহনো অহা-যোৱা কৰে। কিন্তু এই দুৰ্বল দিচাং নৈৰ দলঙৰ নিৰ্মাণৰ ক্ষেত্ৰত অ’এনজিচি, কোনো এখন চৰকাৰে যাত্ৰী সকলৰ অহা-যোৱা কৰাৰ ক্ষেত্ৰত সুব্যৱস্থা গ্ৰহণ নকৰিলে। যাৰ ফলত পুনৰ ক্ষোভিত ৰাইজ, স্থানীয় দল-সংঠনে চৰকাৰ, প্ৰশাসন, অ’এনজিচিৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি টায়াৰ জ্বলাই প্ৰতিবাদ (Protest) সাব্যস্ত কৰে।
স্থানীয় ৰাইজে বৰ্তমানৰ চৰকাৰ, বিভাগীয় কৰ্তৃপক্ষক চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ দুৰ্বল দলংখন নিৰ্মাণ কৰি অহা-যোৱা কৰাৰ এক সুচল বাট নিৰ্মাণ কৰি তুলিবলৈ দল-সংগঠন স্থানীয় ৰাইজে প্ৰতিবাদৰ মাজেৰে আহ্বান জনাই আহিছিল। কিন্তু দেওবাৰে পুৱাই ৮-৪০বজাত চেপন-চূণপোৰা সংযোগী দিচাং নৈৰ দলঙৰ ওপৰৰে এখন শিলভৰ্তি ডাম্পাৰ গৈ থকা অৱস্থাত ভাঙি পৰে দলংখন (Dishang Bridge collapsed)। কথমপি প্ৰাণ ৰক্ষা ডাম্পাৰ, আৰু চালকৰ।
ঘটনাস্থলীত শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘা নিধি দাহাল, নাজিৰাৰ মহকুমাধিপতি সব্যসাচী কাশ্যপ উপস্থিত হৈ ঘটনা বুজ লোৱাৰ লগতে নাৱৰ ব্যৱস্থা কৰা আশ্বাস দিয়ে স্থানীয় ৰাইজক।
Photo & Input: দীপক ছেত্ৰী
আৰু পঢ়কঃ https://khatangkhobor.com/news/assam/cm-himanta-biswa-sarma-scold-to-nagaon-dc-in-assam/6123/
Discussion about this post