লাহৰীঘাটত হিন্দু যুৱকে পলুৱাই নিলে মুছলমান যুৱতীক। ৪গৰাকী পত্নী থকা হিন্দু যুৱকে সংঘটিত কৰিলে এই কাণ্ড। এই ঘটনা সংঘটিত হৈছে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ অৰ্ন্তগত কছাৰীবৰীত।
সততে মুছলমান যুৱকে হিন্দু যুৱতীক পলুৱাই নিলে লভ জেহাদ বুলি হৈ-চৈ কৰাসকলে এই ঘটনাক কি জেহাদ বুলি ক’ব! লাহৰীঘাটৰ সুঁতিৰপাৰ গাঁৱৰ তৰণি ভদ্ৰৰ পুত্ৰ তপন ভদ্ৰ নামৰ লম্পট যুৱকজনে নিজকে ছাইফুল ইছলাম বুলি ভুৱা পৰিচয় দিছিল।
লম্পট যুৱকজনে কছাৰীবড়ীৰ এগৰাকী কিশোৰীক ৯ মাহ পূৰ্বে ফুচুলাই নি বলপূৰ্বকভাৱে বিয়া পাতি মৰিগাঁৱত ভাড়া ঘৰত ৰাখছিল।পৰৱৰ্তী সময়ত কিশোৰীগৰাকীয়ে যুৱক জনক হিন্দু বুলি গম পাই পলাই আহিবলৈ বহুত চেষ্টাৰ অন্তত ২৭ জুলাইৰ দিনা পলায়ন কৰি কছাৰীবড়ীত উপস্থিত হৈ সমস্ত ঘটনা পৰিয়ালৰ লোকক জনাই কিশোৰীগৰাকীয়ে।
লগতে লক্ষণী যে কিশোৰীগৰাকীক গৰ্ভপাতো কৰা অভিযোগ উত্থাপন হৈছে। পিছত লম্পট তপন ভদ্ৰই কছাৰী বড়ীত উপস্থিত হোৱাৰ লগে লগে স্থানীয় ৰাইজে আটক কৰি গছত বান্ধি ৰাখে। পৰৱৰ্তী সময়ত লাহৰীঘাট আৰক্ষীক সমজাই দিয়ে লম্পট যুৱকজনক।
Photo & Input: ছাদ্দাম হুছেইন
Discussion about this post