‘ঘেৰিয়া ঘেৰিয়া কানাই মাৰে ফিচকাৰী
ভিজি যায় ৰাধা ৰাণীৰ নীলাম্বৰী শাৰী ৷’
Happy Holi 2022: আজি গৌৰ পূৰ্ণিমা, সমগ্ৰ দেশজুৰি শ্ৰীকৃষ্ণৰ দৌল যাত্ৰা (Dol Jatra 2022) আৰম্ভ। দেশ বাসীয়ে উলহ-মালহেৰে উদযাপন কৰিছে ৰঙৰ উৎসৱ ফাঁকুৱা (Fakuwa)। ৰাজ্যবাসীৰ মাজতো হোলীৰ উচাহ।
আবিৰৰ ৰঙত ৰঙীন হৈ পৰিছে ৰাজ্য। সকলোৱে হোলী উদযাপন (Holi 2022) কৰিবলৈ ওলাই আহিছে। ৰাজ্যৰ পৱিত্ৰ বৰপেটা সত্ৰ, বটদ্ৰৱা, মাজুলী আদি সকলোতে উলহ-মালহেৰে পালন কৰা হৈছে হোলী।
ৰঙৰ উৎসৱ উপলক্ষ্য়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই (CM Himanta Biswa Sarma Wish) ৰাজ্য়ৱাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
ফাল্গুনীত গোবিন্দক তুলিয়া দৌলত।
দৌলযাত্ৰা কৰে মহোৎসৱ সিবেলাত।।
অসমবাসীলৈ ৰঙৰ উৎসৱ ফাঁকুৱা আৰু দৌলোৎসৱৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰিছোঁ ফাঁকুগুড়িৰ ৰঙে আমাৰ মনবোৰ ৰঙীন কৰি তোলাৰ লগতে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক নতুন আশাৰ ৰেঙনি, অনাবিল সুখ-শান্তি আৰু ভাতৃত্ববোধৰ বতৰা। pic.twitter.com/hruGLPVMNg— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) March 18, 2022
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও (PM Narendra Modi) টুইট যোগে সমগ্ৰ দেশবাসীক হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে।
आप सभी को होली की हार्दिक शुभकामनाएं। आपसी प्रेम, स्नेह और भाईचारे का प्रतीक यह रंगोत्सव आप सभी के जीवन में खुशियों का हर रंग लेकर आए।
— Narendra Modi (@narendramodi) March 18, 2022
ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দেও (President Ramnath Kovind) টুইটাৰ যোগে দেশবাসীক ৰঙৰ উৎসৱৰ শুভেচ্ছা জনাইছে।
होली के पावन अवसर पर सभी देशवासियों को हार्दिक बधाई एवं शुभकामनाएं।
रंगों का पर्व होली, सामुदायिक सद्भाव और मेल-मिलाप का जीवंत उदाहरण है। यह वसंत ऋतु के आगमन का शुभ समाचार लेकर आता है।
मेरी कामना है कि यह त्योहार सभी देशवासियों के जीवन में आनंद, उमंग और नई ऊर्जा का संचार करे।
— President of India (@rashtrapatibhvn) March 18, 2022
আটাইলৈ ৰঙৰ উৎসৱ ফাঁকুৱাৰ (Happy Holi) শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Photo: Google
Discussion about this post