আজি ৫০ বছৰত ভৰি দিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ কন্ঠশিল্পী জুবিন গাৰ্গে (Hearthrob Zubeen Garg)। শিল্পীগৰাকীৰ অসংখ্য অনুৰাগীয়ে তেওঁৰ ওপজা দিনটো বিশেষভাৱে উদযাপন কৰিবলৈ প্ৰস্তুতি কৰিছে। প্ৰতিবছৰৰ দৰে অনুৰাগীসকলে এই দিনটোক বিশেষ কৰিবলৈ যত্ন কৰে। আনহাতে, জুবিন ফেন ক্লাবে প্ৰতিবছৰে বিভিন্ন কাৰ্যসূচীৰে মৰমৰ শিল্পীৰ জন্মদিনটো পালন কৰি আহিছে। এই বৰ্ষত যোৰহাটত জুবিনৰ জন্মদিন বৃহৎ আকাৰে পালন কৰাৰ বাবে আয়োজন কৰিছে জুবিন ফেন ক্লাবে।
‘অল আছাম জুবিন গাৰ্গ ফেন ক্লাব’(All Assam Zubeen Garg Fan Club) এ আজি ১৮ নৱেম্বৰ তাৰিখে যোৰহাটৰ কোৰ্ট ফিল্ডত জুবিন গাৰ্গৰ (Hearthrob Zubeen Garg) ৫০তম জন্মদিন উদযাপন কৰিব। এই অনুষ্ঠানত জুবিন গাৰ্গ উপস্থিত থাকিব আৰু সেইবাবে তেওঁ ১৫ তাৰিখেই যোৰহাটত (Jorhat) উপস্থিত হয়। এক উৎসৱ মুখৰ পৰিৱেশৰ আয়োজন কৰা হৈছে তেওঁৰ এই বিশেষ দিনটো।
১৯৭২চনৰ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে (Hearthrob Zubeen Garg)। ১৮ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল অসমবাসীৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে।
১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট। তেতিয়াৰ পৰাই অসমৰ সংগীতৰ জনগতখনত জুবিন গাৰ্গ হৈ পৰিল ধ্ৰুৱতৰা।
১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথম এলবাম অনামিকাই মুক্তিলাভ কৰিছিল। ২০০৭ চনত জুবিন গাৰ্গে লাভ কৰিছিল ৰজত কমল বঁটা। খাচি চুটি ছবি ‘Echoes of silence’ত কৰা সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল এই সন্মানীয় বঁটা। তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা। জুবিন গাৰ্গে এতিয়ালৈ ৩৭খন ছবিত সংগীত পৰিচালনা কৰাৰ লগতে ২২খন ছবিত কৰিছে অভিনয়।
জুবিন গাৰ্গৰ অনুৰাগীয়ে তেওঁৰ ৫০তম জন্মদিনক সোণালী বৰ্ষ হিচাপে উদযাপন কৰিব। সেয়েহে ৫০ পাউণ্ড অৰ্থাৎ ২২.৬ কেজি ওজনৰ এটা কেক কটা হ’ব এই বিশেষ দিনটোত। জুবিনে নিজে ৫০ পাউণ্ডৰ কেকটো কাটিব আৰু আয়োজিত জন্মদিন উদয়াপন কৰিব।
ইফালে আজিৰ এই বিশেষ দিনটোতে জুবিন গাৰ্গৰ নতুন গীত ‘জিলিকি জিলাকা’ মুক্তি পাব। ‘ড০ বেজবৰুৱা ২’ ছবিৰ এই গীতটিত কণ্ঠদান কৰিছে জুবিন গাৰ্গে।
মায়াময় কণ্ঠৰে বিগত তিনিটা দশক অসমৰ লগতে ভাৰতৰ বিভিন্ন সংগীতপ্ৰেমীক মন্ত্ৰমুগ্ধ কৰি ৰখা এইগৰাকী চিৰসেউজ শিল্পীৰ জন্মদিনত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিভিন্নজনে হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছে।
মহান শিল্পীগৰাকীলৈ Khatang Khoborৰ পৰিয়ালৰ তৰফৰ পৰা যাঁচিলো অজস্ৰ শুভকামনা।
Photo: Google
Discussion about this post