এক আজৱ ঘটনা সংঘটিত হৈছে হোজাইৰ (Hojai) পুৰণি বজাৰত (Old Market)। মানে পুৰণি বজাৰৰ অসম অইল পেট্ৰ’ল পাম্পত (Assam Oil Petrol Pump)। পেট্ৰ’ল পাম্পটোৰ চাৰিওফালে কেৱল মানুহ আৰু মানুহ। আপোনালোকে নিশ্চয়কৈ ভাবিছে হয়তো পেট্ৰ’ল ভৰাবলৈ আহি এয়া ভিৰ। কিন্তু নহয় এয়া ভিৰ পেট্ৰ’ল দেখুওৱাবলৈহে। কাৰণ কিয় জানেনে এই পেট্ৰ’ল পাম্পটোত যিয়ে পেট্ৰ’ল ভৰাইছে তাৰে বিকল হৈছে বাইক। মুঠতে কুৰিখনতকৈ অধিক বাহন হৈছে বিকল।
হোজাইৰ পুৰণি বজাৰস্থিত (Hojai Old Market) অসম অইল পেট্ৰ’ল পাম্পত (Assam Oil Petrol Pump) তেল ভৰোৱাৰ আগতে হোজাইবাসীয়ে দহবাৰমান ভাবি লয় কাৰণ সেই পেট্ৰ’ল পাম্পটোত পেট্ৰ’লৰ সলনি ওলাই পানী মিহলোৱা পেট্ৰ’ল। প্ৰায়েই এই পেট্ৰ’ল পাম্পটোৰ বিৰুদ্ধে ভেজাল আৰু জোখতকৈ কম পেট্ৰ’ল দিয়াৰ আছে বহু অভিযোগ।
এই অভিযোগৰ মাজতে শনিবাৰে দুপৰীয়া ASSAM OIL পেট্ৰ’ল পাম্পত পানী মিহলোৱা পেট্ৰ’ল দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি সৃষ্টি হয় তীব্ৰ উত্তেজনাৰ। পেট্ৰ’ল পাম্পত পেট্ৰ’ল ভৰোৱাৰ পিছত বহু কেইখন বাহন আদবাটত বিকল হোৱাৰ পিছত বাইকৰ গৰাকীসকলে পেট্ৰ’ল পাম্পত উপস্থিত হৈ সৃষ্টি কৰে উত্তপ্ত পৰিস্থিতিৰ।
পৰৱৰ্তী সময়ত বিকল হোৱা বাহনবোৰ পেট্ৰ’ল পাম্পত অনাৰ পিছত মেকানিকৰ হতুৱাই পেট্ৰ’ল টেংকি খোলাৰ পিছত টেংকিৰ পৰা পানী মিহলোৱা পেট্ৰ’ল ওলোৱাৰ উপৰি বোকাময় পদাৰ্থ থকাৰ অভিযোগ কৰে গ্ৰাহকসকলে। অৱশেষত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও পেট্ৰ’ল পাম্পটো ছীল কৰাৰ দাবী উত্থাপন কৰে উত্তেজিত ৰাইজে।
উল্লেখযোগ্য উক্ত পেট্ৰ’ল পাম্পত এনেদৰে প্ৰায়েই ঘটনা ঘটি থকাৰ পিছতো প্ৰশাসনে ৰহস্যজনক কাৰণত ব্যৱস্থা নোলোৱাৰ ৰাইজে অভিযোগ উত্থাপ কৰিছে।
Photo & Visual: Nipan Hojai
Published By: Dulu Medhi
Discussion about this post