হাতত সুৰাৰ বটল (liquor) লৈ এগৰাকী যুৱতীয়ে (Drunk Women) গড়চুক থানাত (Gorchuk Police Station) চলালে তাণ্ডৱ। সোমবাৰে নিশা (Guwahati) সংঘটিত হয় এই ঘটনা। যুৱতীগৰাকীয়ে পামহীৰ পৰা গণেশপাৰালৈ যাব বুলি এজন যুৱকে বুক কৰি দিছিল উবেৰ। কিন্তু উবেৰত উঠা যুৱতীগৰাকীয়ে পাহৰি যায় নিজৰ ঠিকনা।
এনে অৱস্থাত বিপদত পৰে চালক। উপায় ৰূপে উবেৰ চালকে মাতাল যুৱতীগৰাকী গড়চুক থানালৈ লৈ আনে। কিন্তু থানাত উপস্থিত হোৱাৰ পিছতে যুৱতীগৰাকী হাতত সুৰাৰ বটল লৈ অশ্লীল গালি-গালাজ কৰে থানাৰ আৰক্ষীক উদ্দেশ্য কৰি।
মাতাল যুৱতী-
উবেৰ চালকৰ ভাষ্য-
উবেৰ চালকে জানিবলৈ দিয়া মতে, ধাবাৰ পৰা যুৱতীগৰাকীক তেওঁ অনিচ্ছা সত্ত্বেও উঠাইছিল। গণেশপাৰাৰ বাথৌ মন্দিৰৰ সমীপত ঘৰ বুলি কৈ গাড়ীত উঠা যুৱতীয়ে ঘৰৰ ঠিকনা পাহৰি যায়। ইয়াৰ পিছত চালকে বুক কৰি দিয়া যুৱকগৰাকীক ফোন কৰাত তেওঁ গৈ আছো বুলি কয় যদিও বহুসময় ধৰি নহাত চালকে উপায়হীন হৈ যুৱতীগৰাকীক থানালৈ লৈ আহে।
Photo & Input: Khatang Khobor





























Discussion about this post