লাকুৱাত (Lakua) শিক্ষকৰ কামনা বলি এগৰাকী ছাত্ৰী। এইবাৰ চৰাইদেউ (Charaideo) লাকুৱাত শিক্ষকৰ কামনাৰ বলি পঞ্চম শ্ৰেণীৰ ছাত্ৰী (Girl Student Sexual Harrasment By Teacher)। লাকুৱা ২নং নাহৰহাবি বাগান প্ৰাথমিক বিদ্যালয়ৰ সহঃশিক্ষকৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ। ছাত্ৰীক যৌন নিৰ্যাতন (Sexual Harrasment) চলোৱাৰ অভিযোগ সহঃশিক্ষকৰ বিৰুদ্ধে।
চৰাইদেউৰ (Charaideo) লাকুৱা ২নং নাহৰহাবি বাগান প্ৰাথমিক বিদ্যালয়ত স্থানীয় ৰাইজৰ লগতে অভিভাৱকসকলে বিদ্যালয় ঘেৰাও কৰি এক উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰে। শিক্ষকৰ দৰে পবিত্ৰ বৃত্তিত কলংক সানিলে বিদ্যালয়খনৰ এগৰাকী সহঃশিক্ষকে।
সোমবাৰে বিদ্যালয়খনৰ সহঃশিক্ষক বিজয় ৰাজকোঁৱৰে এগৰাকী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। সহঃশিক্ষক বিজয় ৰাজকোঁৱৰে বিদ্যালয়খনৰ এগৰাকী পঞ্চম শ্ৰেণী ছাত্ৰীক যৌন নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ পোহৰলৈ আহিছে।
শিক্ষক বিজয় ৰাজকোঁৱৰে বিদ্যালয়খনৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক নাহৰহাবি মজলীয়া বিদ্যালয়লৈ আধাৰকাৰ্ড বনাবলৈ লৈ গৈছিল। আধাৰকাৰ্ডৰ কাম সম্পূৰ্ণ হোৱাত ছাত্ৰীগৰাকীয়ে শিক্ষক বিজয় ৰাজকোঁৱৰক ভোক লাগিছে কোৱাত তেওঁৰ বাহনতে ছাত্ৰীগৰাকীকো লগত লৈ খাবলৈ আনি দিম বুলি লৈ যায়।
কিন্তু শিক্ষক বিজয় ৰাজকোঁৱৰে দোকানৰ সন্মুখত বাহন নৰখাই বাগিচাৰ ভিতৰুৱা ৰাস্তালৈ লৈ যায় ছাত্ৰীগৰাকীক। শিক্ষক বিজয় ৰাজকোঁৱৰে ছাত্ৰীগৰাকীক এশ টকা দি কাপোৰ খুলিবলৈ কোৱাৰ লগতে শাৰীৰিক নিৰ্যাতনো চলাই আৰু বিভিন্ন অশ্লীল কথাও কয় পঞ্চম শ্ৰেণীৰ ছাত্ৰীগৰাকীক।
ইয়াৰ উপৰিও ছাত্ৰীগৰাকীক এই কথা পৰিয়ালৰ লোকৰ আগত ক’লে মৃত্যুৰ ভাবুকিও দিয়ে। এই ঘটনাৰ পিছতে আজি বিদ্যালয় ঘেৰাও কৰে অভিভাৱকসকলে। ইতিমধ্যে শিক্ষক বিজয় ৰাজকোঁৱৰৰ এই কু-কৰ্মৰ বিৰুদ্ধে লাকুৱা আৰক্ষী চকীত দিয়া হৈছে এজাহাৰ। বৰ্তমান শিক্ষক বিজয় ৰাজকোঁৱৰ পলাতক হৈ আছে।
Photo & Input: দীপক ছেত্ৰী
Discussion about this post