এজন SI বিষয়া নাম তেওঁৰ পংকজ হাজৰিকা (Fraud SI Pankaj Hazarika)। মূৰৰ পৰা ভৰিলৈকে আৰক্ষীৰ পোছাক। পিছে ডুপ্লিকেট। বহুদিন ধৰি ভুৱা আৰক্ষীৰ পোছাকযোৰ পিন্ধি ঘূৰি ফুৰিছিল চাৰিওফালে। কেৱল আৰক্ষীৰ পোছাকে নহয় ভাৰতীয় সেনা বাহিনীৰ পোছাকো পিন্ধি ঘূৰি ফুৰিছিল, ফটো উঠিছিল আৰু নিজৰ পোছাকৰ দমত প্ৰেমতো পেলাইছিল যুৱতীক। কিন্তু কথাতে কয় নহয় এশ গৰু মাৰিলে বাঘৰো মৰণ…অৱশেষত ধৰা পৰিল ভুৱা SI বিষয়া পংকজ হাজৰিকা।
পংকজে আৰক্ষীৰ পোছাক, ভাৰতীয় সেনা বাহিনীৰ পোছাক পিন্ধি ইনষ্টাগ্ৰামত ৰিলছ বনাই ফলোৱাৰ্ছো গোটাইছিল। লম্পট পংকজৰ ইনষ্টাগ্ৰামত আছে ১৭১টা পোষ্ট। ৪,৯৬০ ফলোৱাৰ।
পিছে পংকজ ধৰা পৰিল কেনেকৈ- শনিবাৰে তেজপুৰৰ (Tezpur) পৰুৱা চাৰিআলিত নিজকে এছআই বুলি চিনাকি দি বাহন চেকিং কৰি কৰ্তব্য পালনৰ অভিনয় কৰিছিল পংকজ হাজৰিকা নামৰ যুৱকজনে। ইউনিফৰ্ম পিন্ধি গৈ দায়িত্বত থকা যান-বাহন আৰক্ষীক পংকজ হাজৰিকাই কৈছিল। মই নতুনকৈ এছ আই হিচাপে মহাভৈৰৱ আৰক্ষী থানাত (Mahavairab Police Station) যোগদান কৰিছোঁ।
কিন্তু ভুৱা এছআই জনৰ ওপৰত এগৰাকী ট্ৰেফিক আৰক্ষীৰ সন্দেহ ওপজাত এই সন্দৰ্ভত আৰক্ষী থানাত অৱগত কৰে। তেতিয়া আৰক্ষী বিষয়া কল্পজ্যোতি বৰাই কয় তেনকৈতো কোনেও যোগদান কৰা নাই। শোণিতপুৰ জিলাতেই নাই। তাৰ পিছতে প্ৰকৃত আৰক্ষীয়ে যুৱকজনক সোধাপোছা কৰাত ওলাই পৰে আঁচল স্বৰূপ।
ইফালে ভুৱা এছআই পংকজ হাজৰিকাই তেওঁৰ ঘৰ ধেমাজিত বুলি স্বীকাৰ কৰিছে সংবাদ মাধ্যমৰ সন্মুখত। আৰক্ষীৰ পোছাক পিন্ধি তেওঁ ইনষ্টাগ্ৰামত ৰীল ভিডিঅ’ বনায় বুলিও স্বীকাৰ কৰিছে। সংবাদ মাধ্যমে আৰক্ষীৰ পোছাক কিয় পিন্ধিছা বুলি সোধাত পংকজে কয়- ‘চখ আছিল পিন্ধিলো।’
আনহাতে তেজপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, নিজকে কেতিয়াবা আৰক্ষী বিষয়া আৰু কেতিয়াবা কমাণ্ডো বুলি চিনাকি দি তেজপুৰ, ধেমাজি, মঙলদৈ, গুৱাহাটী আদি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধন দাবীৰ দৰে ঘটনা সংঘটিত কৰাৰ অভিযোগ আছে পংকজৰ বিৰুদ্ধে।
শেহতীয়াকৈ ৰঙিয়া ষ্টেছনতো চেকিঙৰ নামত ধন দাবী কৰাৰ অভিযোগ উত্থাপন হৈছিল এইজন ডুপ্লিকেট আৰক্ষী বিষয়াৰ বিৰুদ্ধে।
যুৱকজনে স্বীকাৰ কৰা মতে, বাণিজ্য শাখাত স্নাতক ডিগ্ৰী গ্ৰহণৰ পিছতে নিজৰ চখ পূৰণৰ বাবে আৰক্ষীৰ পোছাক পৰিধান কৰি আহিছিল তেওঁ। অন্যহাতে দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এপিজে আব্দুল কালামাৰ সৈতে আৰক্ষীৰ পোছাকত এখন নিজৰ এখন ফটো এডিট কৰি বহুজনক প্ৰৰোচিত কৰাৰো অভিযোগ আছে ভুৱা আৰক্ষী বিষয়া পংকজ হাজৰিকাৰ বিৰুদ্ধে।
বৰ্তমান আৰক্ষীয়ে (Tezpur Police) সোধা-পোচা অব্যাহত ৰাখিছে পংকজ হাজৰিকাক।
Photo & Input: ইছৰাকুল ইছলাম
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/minister-pijush-hazarika-on-assamese-film-in-assam/10931/
Discussion about this post