নগাঁও-ৰূপহী পথৰ পলাশনিত আৰক্ষীয়ে এখন শাক পাচলি কঢ়িওৱা চাৰিচকীয়া বাহনলৈ লক্ষ্য কৰি গুলীচালনা কৰে। এ এছ ০৭ বি চি ২২৪৬ নম্বৰৰ টাটা ডি আই বাহনখনলৈ লক্ষ্য কৰি গুলীচালনা কৰে আৰক্ষীয়ে। চকাত গুলী লগাৰ ফলত বাহনখন চালকজনে ৰখাবলৈ বাধ্য হয়।
অৱশ্যে এই গুলীচালনাৰ ঘটনাত কোনো লোকে আহত হোৱা নাই যদিও আৰক্ষীয়ে ৫জন লোকক আটক কৰে।
জানিব পৰা অনুসৰি, মৰিগাঁৱৰ পৰা অহা এই গাড়ীখন মৰিগাঁৱৰ আৰক্ষীয়ে অনুসৰণ কৰি আহি নগাঁও আৰক্ষীৰ সহযোগত ম’হখুলি আৰু পলাশনিৰ মাজত গাড়ীখনলৈ গুলীচালনা কৰি ৰখাবলৈ সক্ষম হয়।
আৰক্ষীয়ে বাহনখনত অহা ৫জন লোক ক্ৰমে ছাইদুল হক, ছফিকুল আলী, নুৰুল হক চৌধুৰী, চাইদুল আলী আৰু চাদ্দাম হুছেইনক আটক কৰিবলৈ সক্ষম হয়।
তেওঁলোকৰ ঘৰ লখিমপুৰৰ শিয়ালমাৰীত বুলি জানিব পৰা গৈছে। ধৃত লোক কেইজনক নগাঁও সদৰ আৰক্ষী থানালৈ আনি জেৰা অব্যাহত ৰাখিছে। ইয়াৰে ছাদ্দামক লৈ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। আৰক্ষীসূত্ৰে জনা মতে, বাহনখনত শাক-পাচলিৰ মাজত বুজন পৰিমাণৰ ড্ৰাগছ লৈ লখিমপুৰ দিশে গৈ আছিল।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post