শিৱসাগৰত ৰাইজৰ দলে অখিল গগৈ(Akhil Gogoi)ৰ বিৰুদ্ধে সামাজিক মাধ্যমত অপমানসূচক মন্তব্যৰে পোষ্টত কমেণ্ট কৰাৰ বিৰুদ্ধে এজাহাৰ দাখিল।
বিগত ২২ আগষ্টত শিৱসাগৰৰ ১০৮নং বিধানসভা সমষ্টিৰ নৱ বিধায়ক অখিল গগৈ(Akhil Gogoi)ক সামাজিক মাধ্যমত “পহ্লাদ নাথ” নামৰ একাউণ্টৰ পৰা ‘পাগল’ আখ্যা আৰু শিৱসাগৰবাসীক ‘পাগল’ বুলি অপমানসূচক আৰু অশালীন মন্তব্যৰে পোষ্টত কমেণ্ট কৰিছিল।
এই কমেণ্টৰ পিছতে ঘটনা সন্দৰ্ভত আৰক্ষী প্ৰশাসনক আইনগত ব্যৱস্থা গ্ৰহণ কৰিবলৈ শিৱসাগৰ জিলা সমিতিৰ ৰাইজৰ দলৰ বিষয়ববীয়াসকলে শিৱসাগৰ সদৰ থানাত এখন এজাহাৰ দাখিল কৰে।
Photo & Input: ফৰিদ আলী
Discussion about this post