বঙাইগাঁও জিলাৰ (Bongaigaon) মাণিকপুৰ আৰক্ষী (Manikpur Police) থানাৰ অন্তৰ্গত নোৱাগাঁৱত পৰকীয়া প্ৰেমৰ (Extramarital Affair) পৰিণতিত স্থানীয় ৰাইজে উত্তম-মধ্যম শোধাই আৰক্ষীক গতাই দিয়ে। নোৱাগাঁৱৰ মমৰেজ আলী নামৰ বিবাহিত পুৰষজনে গাঁওখনৰে এগৰাকী বিধৱা মহিলাৰ লগত দীৰ্ঘদিন ধৰি অবৈধ সম্পৰ্ক গঢ়ি তুলিছিল।
মহিলাগৰাকীৰ স্বামী এবছৰ পূৰ্বে আত্মহত্যা কৰাত লম্পট মমৰেজে এই কু-কৰ্ম অব্যাহত ৰখাত যথেষ্ট সুবিধা পাইছিল। মাজে সময়ে দুয়োজনৰ অবৈধ সম্পৰ্ক (Extramarital Affair) বন্ধ কৰিবলৈ স্থানীয় ৰাইজে লম্পট মমৰেজ আলীক নিষেধ কৰিছিল যদিওঁ তেওলোকৰ অবৈধ সম্পৰ্ক অব্যাহত ৰাখিছিল।
অৱশেষত বৃহস্পতিবাৰে নিশা দুয়োৰে দিন বেয়া আছিল। পৰি গ’ল ধৰা। ৰাইজে মহিলাগৰাকীৰ ঘৰত দুয়োকে হাতে-লোটে ধৰিবলৈ সক্ষম হয়। লম্পট মমৰেজ আলীক স্থানীয় ৰাইজে উত্তম মধ্যম শোধাই আৰক্ষীক খবৰ দিয়ে। ঘটনাস্থলীত মাণিকপুৰ আৰক্ষী থানাৰ (Manikpur Police Station) আৰক্ষী উপস্থিত হৈ দুয়োকে লৈ যায়। লম্পট মমৰেজ আলীৰ লগত মহিলাগৰাকীৰ অবৈধ সম্পৰ্ক থকাৰ বাবেই মহিলাগৰাকীৰ স্বামী এবছৰ পূৰ্বে চিপ লৈ আত্মহত্যা কৰা বুলি অভিযোগ উত্থাপন কৰে ৰাইজে। সামাজিক পৰিৱেশ বিনষ্ট কৰা দুয়োকে কঠোৰ শাস্তিৰ দাবী জনাইছে স্থানীয় ৰাইজে।
Photo & Input: জেহেৰুল ইছলাম
Discussion about this post