পৰকীয়া প্ৰেমিকৰ (Extra Marital Affair) সৈতে পলাই যোৱা পত্নীক উভতি আহিবলৈ কান্দি কান্দি কাতৰ আহ্বান স্বামীৰ। নিজৰ পত্নীক বিচাৰি হুকহুকাই কান্দিছে এজন লোকে। ডেৰ মাহ ধৰি পত্নী ঘৰত নাই, বহু বিচাৰ–খোচাৰ কৰিও কোনো শুংসূত্ৰ নাপাই এতিয়া কান্দোনত ভাগি পৰিছে স্বামী। কান্দি কান্দি স্বামীৰ কাতৰ আহ্বান পত্নীলৈ (Husband Appealed To His Wife To Return Home) – ‘য’তেই আছা ল’ৰা–ছোৱালীকেইটাৰ মুখলৈ চাই উভতি আহা। মোৰ ঘৰখন শেষ কৰি নেপেলাবা।’
লক্ষ্মী পূজাৰ দিনাই নিজৰ পত্নীক বিচাৰি হুক হুকাই কান্দিছে এগৰাকী লোকে। দুটি সন্তানৰ মাতৃ নমিতা দাস নামৰ মহিলাগৰাকীয়ে ফেচবুকযোগে চিনাকী প্ৰেমিকৰ সৈতে পলাই যোৱাৰ সন্দেহ স্বামীৰ (Wife Love Case)।
কামৰূপৰ শিঙিমাৰী (Kamrup Singimari) চকত পান তামোলৰ দোকান দি কোনোমতে পৰিয়াল পোহপাল দিয়া কবিন দাসৰ আছিল সুখৰ সংসাৰ। বিগত কিছুদিন পৰাই ফেচবুকত যোৰহাটৰ এজন যুৱকৰ সৈতে চিনাকি তাৰ পিছতে কথা বতৰা ফোনত। উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত পুত্ৰই ধৰা পেলালে মাতৃৰ পৰকীয়া প্ৰেম! আৰু তাৰ পাছতে যুৱকজনৰ সৈতে পলাই যোৱাৰ সন্দেহ পত্নী। পত্নী গুচি যোৱাৰ পিছত এতিয়া চকুপানীৰে বাট নেদেখা হৈছে লোকজনে।
বিগত ডেৰ মাহে কোনো সন্ধান নাই মহিল গৰাকীৰ। কান্দি কান্দি ভাগৰি পৰিছে স্বামী। লক্ষ্মী পূজাৰ দিনটোতে লক্ষ্মী বুলি ভবা পত্নীক উভতি আহিবলৈ কাতৰ আহ্বান। দদৰা আৰক্ষী (Dadara Police) চকীত এজাহাৰ দাখিল কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে কোনো সন্ধান লাভ কৰা নাই। সেয়ে সংবাদ মাধ্যমৰ যোগেদি পত্নীলৈ কবিন দাসৰ কাতৰ আহ্বান – ‘তোমাক বহুত ভাল পাওঁ, য’তেই আছা ঘূৰি আহা।’
কোনো লোকে সন্ধান পালে- 9859690119 নম্বৰত ফোন কৰিবলৈ আহ্বান স্বামীৰ।
Photo & Input: Biki Medhi
Published By: Dulu Medhi
আৰু পঢ়কঃ https://khatangkhobor.com/news/bad-news-bus-fare-hike-in-assam/12170/
Discussion about this post