ৰাজ্যত চৰকাৰে নতুনকৈ সুৰাৰ দোকান (New Wine Shop) খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজতে নতুনকৈ সুৰাৰ দোকান খোলা সন্দৰ্ভত অদ্ভুত যুক্তি দিলে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ (Excise Minister Parimal Suklabaidya)।
‘চুলাই মদ খাই যাতে মানুহ নমৰে, তাৰ বাবে নতুনকৈ ২০খন Wine Shop খুলিব বিচৰা হৈছে’- এই অদ্ভুত যুক্তি মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ (Parimal Suklabaidya)।
তেওঁ লগতে কয় যে, ৰাজ্যত অবৈধ সুৰাপান কৰি বছৰি বহু মানুহৰ মৃত্যু ঘটে। চৰকাৰে কাকো মদ খাবলৈ নকয়। কিন্তু যদি খাবও লাগে, তেন্তে অবৈধ চুলাই খোৱাতকৈ কৰ দি বৈধ সুৰাপান কৰক বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।
আনহাতে সুৰাৰ পৰা সংগ্ৰহ কৰা ৰাজহেৰে চৰকাৰ নচলে বুলি মন্তব্য কৰি আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যই কয় যে ছাৰ্ভেৰ জৰিয়তে য’ত সুৰাৰ দোকানৰ প্ৰয়োজন আছে, সেই ঠাইতহে সুৰাৰ দোকান (New Wine Shop) দিব বিচৰা হৈছে।
সমগ্ৰ অসমতে ছাৰ্ভেৰ জৰিয়তে ২০খন নতুন সুৰাৰ দোকান খোলাৰ বাবে চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰা বুলিও মন্তব্য কৰে পৰিমল শুক্লবৈদ্যই।
Photo: Google
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/lifestyle-tips-vastu-tips-mirror-position-as-per-vastu/12486/
Discussion about this post