পুনৰ চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে বিলাসীপাৰা মহাবিদ্যালয় (Bilasipara College)। পৰীক্ষাৰ নামত কি চলিছে বিলাসীপাৰা মহাবিদ্যালয়ত? মোবাইল চাই চাই আনন্দ মনেৰে পৰীক্ষা দিলে পৰীক্ষাৰ্থীয়ে (Exam Cheating)। নকল কৰি পৰীক্ষা দিয়াৰ ভিডিঅ’ কৰিছিল আন ছাত্ৰই। তাৰ পিছতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নকল কৰাৰ এই ভিডিঅ’টো (Social Media Viral Video)। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে বিলাসীপাৰাত (Bilasipara) তীব্ৰ চাঞ্চল্যৰ সৃষ্টি।
বিলাসীপাৰা কলেজৰ স্নাতক মহলৰ পৰীক্ষাৰ্থীৰ কাণ্ডক লৈ হতবভম্ব সচেতন মহল। মহাবিদ্যালয়খনৰ অধ্যক্ষ, অধ্যাপক আৰু অধ্যাপিকাৰ বিৰুদ্ধেও উত্থাপন হৈছে একাধিক অভিযোগ। পূৰ্বেও অধ্যাপকে ছাত্ৰীক অশ্লীল মেচেজ কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছিল এই কলেজখনে। ধুবুৰী জিলাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতিয়ে এই ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।
Photo & Input: আতোৱাৰ ৰহমান
Discussion about this post