দক্ষিণ শালমাৰাৰ টুমনীত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে সৰৱ টুমনি গাঁও পঞ্চায়তৰ সভাপতি আৰু ৰাইজ। ধন নোহোৱাকৈ কাম নকৰে বিদ্যুৎ কৰ্মীয়ে।
শনিবাৰে দিনৰ ১১ বজাত টুমনী গাঁৱত বিদ্যুৎ গ্ৰাহকসকল একত্ৰিত হৈ সাংবাদিকৰ সমুখত বিদ্যুৎ বিভাগৰ বিৰুদ্ধে কিছুমান অভিযোগ উত্থাপন কৰে।
বিশেষকৈ পাটাকাটা গাঁৱৰ ৰিয়াজুল ইছলাম নামৰ লাইনমেন এজনে নিজকেই বিদ্যুৎ বিভাগৰ SDO বুলি পৰিচয় দিয়ে কেতিয়াবা লাইনমেন বুলি পৰিচয় দি ৰাইজক ভয় দেখুৱাই কামতে ৫০০ বা ১০০০ টকা আদায় নিদিলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়াৰ ভাবুকি দিয়ে।
ৰিয়াজুল ইছলাম প্ৰকৃততে লাইন মেন হয়নে নহয় সেই বিষয়ত ৰাইজৰ সন্দেহ কাৰণ লোকজন এজন যধামূৰ্খ বুলি সাংবাদিকৰ আগত প্রকাশ কৰে।
ৰিয়াজুল ইছলাম কেতিয়াবা ঘাঁহ কটা কাচিৰেই বিদ্যুতৰ তাঁৰ কাটি বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰাৰ ঘটনাও সংঘটিত কৰি আহিছে।
যিকোনো ট্ৰাঞ্চফৰ্মাৰৰ তেল ভৰোৱাব লাগিলে তেওঁৰ পৰা কিনিবলগীয়া হয় তেল। কৃষকক ৰচিদ নিদিয়াকৈ টকা সংগ্ৰহ কৰে নহ’লে বিদ্যুৎ কৰ্তন কৰাৰ ভাবুকি দিয়ে মেৰামতিৰ কাম কৰোতেও ৰিয়াজুল ইছলামক দিব লাগে হাজিৰা।
Photo & Input: সামিম জাকাৰীয়া আৰু তাৰিফুল ইছলাম
Discussion about this post