ৰাজ্যত এতিয়া ক’ভিডৰ ভয়াৱহতা। চলিছে ড্ৰাগছ বিৰোধী (Drugs Drive) অভিযান। সমাজ নিকা কৰা প্ৰক্ৰিয়াত দলে বলে লাগিছে অসম আৰক্ষী। কঠোৰতাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ডি জি পি ভাস্কৰ জ্যোতি মহন্তকে আদি কৰি একাধিক আৰক্ষী বিষয়াই।
তাৰ মাজতে খোদ ডি জি পি কাৰ্যালয়ৰ (DGP Office) আৰক্ষী জোৱান ব্যস্ত খাকী পোছাকত চেকা লগোৱাত। ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ব্ৰেকিং নিউজ হৈ ঘূৰি ফুৰিছে এগৰাকী আৰক্ষী জোৱান।
চাওক VIDEO-
৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ মাজে মাছে ঘূৰি ফুৰিছে আৰক্ষী জোৱানজনে। নলবাৰী অভিমুখী বাহনবোৰক ৰখাবলৈ চেষ্টা কৰিছে আৰক্ষী জোৱানজনে। কিন্তু নাই কোনো এখন বাহনে আৰক্ষী জোৱানজনক নিবলৈ প্ৰস্তুত নহয়। স্থানীয় কেইগৰাকীমান লোকে আৰক্ষীজোৱানজনক ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ পৰা টানি আজুৰি লে আহে পথৰ দাঁতিত।
কিন্তু নাই পুনৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মাজত ৰৈ বাহনবোৰ ৰখাবলৈ চেষ্টা কৰে। ঘটনাস্থলীত উপস্থিত হ’ল সাংবাদিক। সাংবাদিকে কথা পাতিহে গম পালে তেওঁ টেটুলৈকে খাই ঘূৰি ফুৰিছে। সাংবাদিকে সুধিলে কি খাইছে আপুনি ! আৰক্ষী জোৱানৰ উত্তৰ অলপ খাইছো । পুনৰ সাংবাদিকৰ প্ৰশ্ন কাৰ টকাৰে খাইছে! আৰক্ষী জোৱানৰ উত্তৰ নিজৰ পইচাৰে খাইছো। ৫০ টকা দি চুলাই খাইছো। পুনৰ সাংবাদিকৰ প্ৰশ্ন কোন ঠাইত খাইছে, খাকী পোছাক পিন্ধি সুৰাপান কৰিবলৈ লাজ নালাগে আপোনাৰ! আৰক্ষী জোৱানৰ সাংবাদিকলৈ খং কিয় কম আপোনাক।
আচলতে এইজন আৰক্ষীৰ কৰ্তব্যস্থান গুৱাহাটীৰ ডি জি পি কাৰ্যালয়। সুৰাৰ ৰাগীত মাতাল হৈ খাকী পোচাকতে ঘূৰি ফুৰিছে ৰঙিয়াত। আৰক্ষী জোৱানজনৰ নাম বি এন শৰ্মা। এই দৃশ্যই সকলোকে হাঁহিৰ সুৰাগ জগোৱাৰ লগতে প্ৰশ্নৰো উদ্দেগ ঘটাইছে। যিসময়ত আৰক্ষীয়ে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। সেই সময়তে খোদ আৰক্ষী জোৱানে টেটুলৈকে চুলাই সেৱন কৰি মাতাল হৈ আছে।
Photo & Input: চফিকুল আহমেদ
Discussion about this post