সমাগত নৱবৰ্ষ। যাৰ বাবে এতিয়া ৰাজ্যত কঠোৰ হৈ পৰিছে অসম আৰক্ষী (Assam Police)। ৩১ ডিচেম্বৰ আৰু ১ জানুৱাৰীত নিশা পাৰ্টী খাই চলাব নোৱাৰিব বাহন নহ’লে ভৰিব লাগিব জৰিমনা। লগতে অসম আৰক্ষী (Assam Police) কঠোৰ হৈ পৰিছে সুৰাপায়ীসকলৰ বিৰুদ্ধে।
চাওক Video:
এই সকলোৰে মাজতে নাহৰকটীয়াৰ (Naharkatia) পৰা আহিছে এটা খবৰ। যি খবৰ শুনি হয়টো আপুনিও এবাৰ হ’লেও ভাবিব যে এয়াই হৈছে আমাৰ অসমৰ আৰক্ষী। দিন-দুপৰতে মদ খাই লাং খাই পৰিছে এগৰাকী মহিলা আৰক্ষী (Drunk Women Police)। দিন-দুপৰতে গোলাপী নিচাত মাতাল আৰক্ষী বাইদেউ। নাহৰকটীয়াৰ মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালতৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা।
সাংবাদিকে বাইদেউক শুধাত আপুনি ইয়াত কিয় বহি আছে- ‘আৰক্ষী বাইদেউে ক’লে গৰম লাগিছে সেইকাৰণে ইয়াত বহিছো। ভিডিঅ’ নকৰিবি চোন।’
Photo: Khatang Khobor
Discussion about this post