দিছপুৰ আৰক্ষী থানাত চিকিৎসক নৱনীল বৰুৱাক আৰক্ষীয়ে চলোৱা জেৰাকালত পোহৰলৈ আহিছে নতুন তথ্য। সেই অনুসৰি ICUত চিকিৎসাধীন হ’বলৈ ধৃত ৰাজকন্যা বৰুৱাই GNRCৰ চিকিৎসকগৰাকীক হেঁচা প্ৰয়োগ কৰিছিল।
আইচিইউত ভৰ্তি নকৰালে ৰাজকন্যাই আত্মহত্যাৰ ভাবুকি দিছিল বুলি জেৰাকালত পোহৰলৈ আহিছে। পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হোৱা মাৰাথন জেৰা এতিয়াও অব্যাহত আছে। বিশেষ সূত্ৰৰ পৰা জানিব পৰা অনুসৰি চিকিৎসক ডাঃ নৱনীল বৰুৱাক গ্ৰেপ্তাৰৰ সম্ভাৱনাই অধিক প্ৰৱল হৈ পৰিছে।
ইফালে সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নৱনীল বৰুৱাই কয় যে- ‘সংবাদ মাধ্যমক সকলো ক’ম’।
উল্লেখ্য মডেল ৰাজকন্যা বৰুৱাৰ স্বাস্থ্যৰ প্ৰকৃত অৱস্থা জানিবলৈ গঠন কৰা হৈছিল ৬ জনীয়া মেডিকেল বোৰ্ড। মেডিকেল বোৰ্ডৰ প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়েই আজি আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰে। ইফালে GNRCত চিকিৎসাধীন হৈ থকা ৰাজকন্যা বৰুৱাক কোনো অসুস্থতা নথকা স্বত্তেও চিকিৎসালয়ৰ আইচিইউত ৰাখি ৰক্ষণাবেক্ষণ দিয়া ঘটনাৰ বাবে GNRCৰ জ্যেষ্ঠ চিকিৎসক ডাঃ নৱনীল বৰুৱাক তদন্তৰ আওতালৈ অনা হৈছে।
Photo: Khatang Khobor
Discussion about this post