ৰাজ্যত অব্যাহত মৃত্যুৰ বিভীষিকা। প্ৰায় প্ৰতিদিনে অসমলৈ আহিয়েই আছে বহু লোকৰ মৃতদেহ। মণিপুৰৰ (Manipur) নোনে জিলাৰ টুপুল য়াৰ্ড ৰে’লৱে নিৰ্মাণস্থলীত (Tupul Yard Railway Construction Site) বুধবাৰে নিশা সংঘটিত হৈছিল এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। এই ভূমিস্খলনতে (Massive Landslide) প্ৰাণ হেৰুৱাইছিল লাহৰীঘাটৰ (Laharighat) বহু কেইগৰাকী লোকে। মাটিৰ তলত পোত গৈ প্ৰাণ হেৰুৱাইছিল আটাইকেইজন লোকে। দেওবাৰে আৰু সোমবাৰে লাহৰীঘাটত একেলগে জ্বলিছিল ৬জনকৈ লোকৰ চিতা।
এনডিআৰএফ (NDRF), এছডিআৰএফ (SDRF), ভাৰতীয় সেনা (Indian Army) , আছাম ৰাইফলছৰ (Assam Rifles) উদ্ধাৰকাৰী বাহিনীয়ে ধ্বংসস্তূপৰ মাজৰ পৰা প্ৰতিদিনে উদ্ধাৰ কৰি আছে কেইবাটাও মৃতদেহ। ভয়ংকৰ ভূমিস্খলনত প্ৰাণ হেৰুওৱা জোৱান, শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে কান্দোৰল ৰোল উঠিছে চাৰিওফালে।
সোমবাৰে টুপুল য়াৰ্ড ৰে’লৱেৰ ভূমিস্খলনস্থলীৰ পৰা উদ্ধাৰ হোৱা মৃতদেহ কেইটাৰ ভিতৰত আছে গোলকগঞ্জৰ ৰে’লৱে অভিযন্তা কমলেশ তালুকদাৰৰ মৃতদেহটোও (Deadbody Recover Railway Engineer Kamlesh Talukdar)। এই খবৰ লাভ কৰাৰ পিছতে কান্দোনত ভাগি পৰিছে কমলেশ তালুকদাৰৰ পৰিয়াল।
ধুবুৰী জিলাৰ আগমণি কালডোবা দ্বিতীয় খণ্ডৰ ৰে’লৱে অভিযন্তা কমলেশ তালুকদাৰে ভূমিস্খলনৰ নিশা আন দুই সহকৰ্মী বন্ধুৰ সৈতে টুপুল য়াৰ্ড ৰে’লৱে ৰেষ্ট হাউচত শুই আছিল। সেই সময়তে প্ৰচণ্ড ভূমিস্খলনে পুতি পেলায় আটাইকেইজনকে।
পৰৱৰ্তী সময়ত উদ্ধাৰকাৰী বাহিনীয়ে দুই বন্ধুৰ মৃতদেহ উদ্ধাৰ কৰে যদিও সন্ধানহীন হৈ আছিল কমলেশ তালুকদাৰ। যাৰ বাবে অন্ততঃ ক্ষীণকৈ হ’লেও কমলেশ জীয়াই থকাৰ আশা কৰিছিল পৰিয়ালে। কিন্তু সোমবাৰে উদ্ধাৰ হোৱা মৃতদেহৰ মাজৰ পৰা পৰা পৰিয়ালৰ লোকেই কমলেশ তালুকদাৰক চিনাক্ত কৰাৰ পিছত সৃষ্টি হয় অভাৱনীয় পৰিস্থিতিৰ।
কমলেশ তালুকদাৰৰ এই মৃত্যুৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ অঞ্চলটোত এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে।
Photo: Umar Faruk
Published By: Dulu Medhi
Discussion about this post