দৰং (Darrang District) জিলাত পুনৰ সংঘটিত হ’ল আধুনিক মানৱ সমাজক লজ্জানত কৰা এক ঘটনা। এঘৰীয়া কৰা এজন লোকক ঘৰলৈ মাতি পূজাৰ প্ৰসাদ খাবলৈ দিয়াৰ অপৰাধত সমাজচ্যুত হ’ল আন এটা পৰিয়াল। আনকি ব্ৰাহ্মণ সমাজে (Brahmin Society) এক পত্ৰও প্ৰেৰণ কৰিছে (Letter From Brahmin Society) পৰিয়ালটোলৈ। মঙলদৈৰ (Mangaldoi) পিছত পুনৰ সমাজ সংকীৰ্ণতাৰ ঘটনা সংঘটিত হৈছে দৰঙৰ ছিপাঝাৰৰ ব্যাসপাৰা অঞ্চলৰ ২নং ঘোঁৰাশাল গাঁৱত।
গাঁওখনৰ আনন্দিপাৰা চুবুৰীৰ দীনেশ শৰ্মা (Dinesh Sarma) নামৰ লোকজনৰ ঘৰত পূজা উপলক্ষে বহু বছৰ পূৰ্বৰ পৰাই ব্ৰাহ্মণ সমাজে (Brahmin Society) এঘৰীয়া কৰি থোৱা লোক এজন পৰিয়ালটোৰ ঘৰত পূজাত উপস্থিত হৈ প্ৰসাদ খোৱাৰ অপৰাধত সমাজৰ শাস্তিৰ সন্মুখীন হৈছে দীনেশ শৰ্মাৰ পৰিয়ালটো।
দীনেশ শৰ্মাৰ পৰিয়ালটোলৈ ব্ৰাহ্মণ সমাজে প্ৰেৰণ কৰা পত্ৰ অনুসৰি সমাজৰ নিয়ম ভংগ কৰাৰ বাবে আনন্দিপাৰা কালী মন্দিৰৰ অন্তৰ্গত পৰিয়ালসমূহৰ বাসগৃহত কোনো অনুষ্ঠানতে ভাগ ল’ব নোৱাৰিব দীনেশ শৰ্মাৰ পৰিয়ালে৷
পৰিয়ালটোক দিয়া পত্ৰখনত সভাপতি গণেশ চন্দ্ৰ শৰ্মা আৰু সম্পাদক চিত্ৰ শৰ্মাৰ স্বাক্ষৰ সম্বলিত আছে ৷ ইপিনে পৰিয়ালটোৰ মূল উপাৰ্জনকাৰী দীনেশ শৰ্মা এবছৰ ধৰি জটিল ৰোগত আক্ৰান্ত হৈ থকাৰ বাবে পত্নীয়ে দিন হাজিৰা কৰি কোনোমতে জীৱন নিৰ্বাহ কৰি আহিছে।
কিন্তু এই ঘটনাটোৰ পিছত ৰাইজে মহিলাগৰাকীক লেই লেই চেই চেই কৰাৰ লগতেদিন হাজিৰাৰ বাবে বিচৰা নাই ৷ যাৰ ফলত নিজৰ সমাজখনৰে এচাম লোকৰ আক্ৰোশ আৰু অমানবীয় সিদ্ধান্তৰ বলি হৈ মানসিকভাবে ভাঙি পৰিছে পৰিয়ালটো।
Photo & Input: Bhabesh Kalita
Published By: Dulu Medhi
Discussion about this post