সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে বৰপেটাত কঠোৰ হৈছে আৰক্ষী প্ৰশাসন। বৰপেটাৰ ভেল্লাত সান্ধ্য আইন নমনা একাংশ লোকক শাস্তি বিহে প্ৰশাসনে।
ভেল্লাত ব্যৱসায়ী, পথচাৰী তথা যান-বাহনৰ চালকক দেওবাৰে বিয়লি ৪ বজাত অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈ ওলোৱা, মাস্ক নিপিন্ধাৰ বাবে বিভিন্ন ধৰণৰ শাস্তি প্ৰদান কৰে।
মাস্ক নিপিন্ধি ভেল্লাৰ মাজেৰে পাৰ হোৱা এখন ট্ৰাকৰ চালক, হেণ্ডিমেনসহ ৫ জন লোকক ৰখাই ভেল্লা বজাৰ তিনিআলিত এইদৰে আঁঠু কঢ়োৱাই, পুছ-আপ কৰোৱাই শাস্তি প্ৰদান কৰে।
তাৰ পিছত প্ৰশাসনৰ দলটোৱে তেওঁলোকক মাস্ক বিতৰণ কৰি যাবলৈ দিয়ে। জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূষালে জিলাখনৰ বিভিন্ন প্ৰান্তত নিজে গৈ সান্ধ্য আইন প্ৰৱৰ্তনৰ পৰিস্থিতিৰ বুজ লয়।
সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে। মাস্ক নিপিন্ধা বাইক আৰোহীকো সোধা-পোছাৰ অন্তত জৰিমনা বিহে। উল্লেখযোগ্য যে, জিলাখনত ক’ভিড পৰিস্থিতি উন্নত নোহোৱাৰ পিছতো একাংশ লোকে ক’ভিড প্ৰটকল মানি নচলে।
সান্ধ্য আইন নমনাৰ লগতে মাস্ক, চেনিটাইজাৰ, সামাজিক দূৰত্ব মানি নচলে। দ্বায়িত্বজ্ঞানহীন একাংশ লোক নিজৰ লগতে অইনৰ জীৱনৰ সুৰক্ষাৰ প্ৰতিও সচেতন নহয়।
ক’ৰোনাৰ এনে ভয়াৱহ পৰিস্থিতিৰ পিছতো অপ্ৰয়োজনীয়ভাৱে মাস্ক অবিহনে বাহিৰলৈ ওলায়।
এই ক্ষেত্ৰত জিলা প্ৰশাসন কঠোৰ হোৱাৰ পিছতো সচেতন নহয় একাংশ লোক। যাৰ বাবে আৰক্ষী প্ৰশাসনে সেইসকল আইন নমনা লোকৰ বিৰুদ্ধে এনেকৈয়ে শাস্তি দিবলৈ বাধ্য হৈছে বুলি সচেতন মহলে জানিবলৈ দিয়ে।
Photo: Khatang khobor
Discussion about this post