জামুগুৰিহাটত শোণিতপুৰ জিলাৰ অভিভাৱক মন্ত্ৰী পিয়ুষ হাজৰিকাই চুলাইৰ বিৰুদ্ধে আৰক্ষীক কঠোৰ হ’বলৈ সকিয়নী প্ৰদান কৰাৰ পিছতে চুলাই ঘাটি উচ্ছেদ কৰিবলৈ গৈ এক আশ্চৰ্যকৰ পৰিস্থিতিৰ সন্মুখীন হয়।
চুলাই ঘাটিত চুলাই সেৱন কৰি থকা এজন লোকক আৰক্ষীয়ে কৰায়ত্ত কৰোতেই লোকজনে আৰক্ষীক দিয়ে এক আমোদ। সুৰা আসক্ত লোকজনে ক’লে এইদৰে, ‘লাওপানী’ খালে ক’ৰোনা নালাগে। এইটো খালে মাস্ক নিপিন্ধিলেও হয়। কঠিয়া মাৰি আহি ভাগৰ লাগিলে কিবা এটা ঔষধ খাবই লাগিব। ৱাইন শ্ব’পো বন্ধ। ক’ৰোনাৰ ঔষধ এইটো। মই এতিয়ালৈ খাবলৈ পোৱা নাই সেইকাৰণে কঁপি আছো।’
চুলাইৰ ঘাটীত আৰক্ষী আৰু সংবাদ মাধ্যমৰ সন্মুখতে এনেদৰে ক’লে জামুগুৰিহাটৰ এইজন লোকে।
Photo & Input: প্ৰাঞ্জল বৰুৱা
Discussion about this post