ৰাজপথত গাড়ী ৰখাই দিয়া বাবে নগাঁও উপায়ুক্তক (Nagaon DC) ধমক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)। শনিবাৰে কেইবাটাও কাৰ্যসূচী লৈ নগাঁৱলৈ (Nagaon) আহিছিল মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা। ৰাজপথ মুকলি কৰাৰ বাবেই নগাঁও জিলা প্ৰশাসনে ৰাজপথত ৰখাই থৈছিল যান-বাহনসমূহ।
এই ঘটনাটো প্ৰত্যক্ষ কৰি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই নগাঁও উপায়ুক্ত ৰাজহুৱাকৈ ধমক দিয়াৰ লগতে উপায়ুক্তক প্ৰশ্ন যে ইয়াত কিবা ৰজা-মহাৰজা আহিছে নেকি? গাড়ীবোৰ কিয় ৰখোৱাই থৈ দিছে। মানুহবোৰে কষ্ট পায়। ইয়াৰ পাছতে নগাঁও উপায়ুক্তই ৰাজপথত ৰখাই থোৱা যান-বাহন সমূহক যাবলৈ নিৰ্দেশ দিয়ে।
Photo & Input: Wahidud Jaman
আৰু পঢ়কঃ https://khatangkhobor.com/news/horrific-road-accident-at-morigaon-2-bike-riders-injured/6101/
Discussion about this post