ৰাজ্যৰ নিযুক্তি পৰীক্ষাত কেলেংকাৰী হোৱা বুলি অভিযোগ কৰি গ্ৰেপ্তাৰ হোৱা ভিক্টৰ দাস সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কংগ্ৰেছকে ধৰি ৰাজ্যৰ বিৰোধী দল তথা সংবাদ মাধ্যমত ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক (Arrest Victor Das) লৈ তুমুল চৰ্চা হোৱাৰ সময়তে মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ (CM Himanta Biswa Sarma Reaction) কৰে।
আৰক্ষীয়ে ভিক্টৰ দাস সন্দৰ্ভত কয়- অভিযোগ সম্পৰ্কে কোনো তথ্য প্ৰদান কৰিব পৰা নাই ভিক্টৰ দাসে। যাৰ বাবে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা, উৰা বাতৰি বিয়পোৱাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছে যুৱকজনক।
এইবাৰ ভিক্টৰ দাসৰ গ্ৰেপ্তাৰক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কেইটামান সংবাদ মাধ্যম আৰু ৰাজনৈতিক দলে ৰাজ্য চৰকাৰৰ এক লাখ চাকৰি বন্ধ কৰিবলৈ উঠিপৰি লাগিছে বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে- ‘পৰীক্ষা নিয়াৰিকৈ অনুষ্ঠিত হৈছে। ফলাফলৰ পিছত পানী-পানী আৰু গাখীৰ-গাখীৰ হৈ পৰিব। একাংশই ৮ লাখ যুৱক-যুৱতীৰ জীৱনৰ সৈতে খেলি নিযুক্তি পৰীক্ষা বন্ধ কৰিব বিচাৰে।’ এই পৰীক্ষাত মুকেশ আম্বানীৰ পুতেকে চাকৰি নাপায়, বৰঞ্চ গাঁৱত পকৰি বিক্ৰী কৰা ল’ৰা-ছোৱালীয়েহে চাকৰি পাব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে ভিক্টৰ দাসে শনিবাৰে এখন গাড়ীৰ নম্বৰ উল্লেখ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কয়- ‘এইখন কিবা জেমছ বণ্ডৰ চিনেমা নেকি যে গাড়ীৰ নম্বৰ ক’লেই হৈ যাব। কোনোবাই টুইট কৰি প্ৰাক্তন বিধায়কৰ কথা কৈছে। কিন্তু নাম সুধিলে কেনেকৈ ক’ব নোৱাৰে।’
মুখ্যমন্ত্ৰীয়ে এয়া এক ষড়যন্ত্ৰ বুলি আখ্যা দি প্ৰথম অৱস্থাৰ পৰা নিযুক্তি পৰীক্ষাক লৈ একাংশই নানা ভিত্তিহীন কথা উলিয়াই থকা বুলি কয়। তেওঁ প্ৰথমে ইণ্টাৰনেট বন্ধ, পৰীক্ষাৰ্থীৰ সংখ্যাক লৈ হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰাৰ বিষয়ৰ অৱতাৰণা কৰে। মুখ্যমন্ত্ৰীয়ে অনুৰোধ জনাই যাতে এই ধৰণৰ কথাৰ চৰ্চা কৰি ৮ লাখ নিবনুৱাক অযথা মানসিক হাৰাশাস্তি নকৰে।
Photo & Input: Khatang Khobor
Discussion about this post