যোৰহাটৰ (Jorhat Murder Case) গণহত্যাৰ বলি হোৱা অনিমেশ ভূঞাৰ (Animesh Bhuyan) হত্যাকাণ্ডৰ ঘটনাত শোক প্ৰকাশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)। এমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিলৰ লগতে পৰিয়ালক ৫ লাখ টকাৰ চেক প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ (CM Himanta Biswa Sarma)।
যোৰহাটত দুষ্কৃতিকাৰীৰ হাতত অনিমেশ ভূঞা নামৰ আছু নেতাজনে মৃত্যুক সাৱটি ল’বলগীয়া হোৱা ঘটনাত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) গভীৰ শোক প্ৰকাশ (Condolence)৷
যোৰহাটত কালি দুষ্কৃতিকাৰীয়ে সংঘটিত কৰা এক অবাঞ্ছিত তথা শোকাৱহ ঘটনাত অনিমেষ ভূঞা নামৰ উদীয়মান যুৱকজনে মৃত্যুক সাবটি ল’বলগীয়া হোৱা ঘটনাত গভীৰভাৱে মৰ্মাহত হৈছোঁ৷ (১/৩)
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 30, 2021
মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশমৰ্মে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে (Ranoj Pegu) ইতিমধ্যে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে সমবেদনা জ্ঞাপন কৰিছে।
At Khakandaguri village under Dergaon PS, visited and offered my condolences to the bereaved family members of Animesh Bhuyan who was brutally killed in Jorhat yesterday.
Hon'ble CM Dr Himanta Biswa Sarma has already ordered police to file the chargesheet within 15 days.
1/2 pic.twitter.com/dc3Ryd4d3m— Ranoj Pegu (Modi Ka Parivar) (@ranojpeguassam) November 30, 2021
ফাষ্টট্ৰেক আদালতৰ জৰিয়তে দোষীসকলক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ ৷ এমাহৰ ভিতৰত দোষীসকলৰ বিৰুদ্ধে চাৰ্জশ্বীট দাখিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ৷
ঘটনাত জড়িত বুলি চিনাক্ত সকলক ইতিমধ্যে কৰায়ত্ত কৰা হৈছে৷ ফাষ্টট্ৰেক আদালতত দোষীৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ প্ৰশাসনক নিৰ্দেশনা দিছোঁ৷ বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান শ্ৰী জি পি সিঙক ঘটনাৰ তদন্ত ব্যক্তিগতভাৱে তদাৰক কৰি এমাহৰ ভিতৰত চাৰ্জশ্বীট দাখিল কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ৷ (২/৩)
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 30, 2021
লগতে ঘটনাত নিহত হোৱা অনিমেশ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫ লাখ টকাৰ চেক প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma)।
আমাৰ চৰকাৰৰ হৈ সতীৰ্থ মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে দুৰ্ভগীয়া পৰিয়ালটোক সাক্ষাৎ কৰিছে আৰু অসমবাসীৰ হৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে৷ এই কৰুণ সময়ত ঘটনাত নিহত অনিমেষ ভূঞাৰ পৰিয়ালক আমাৰ চৰকাৰৰ তৰফৰ পৰা অত্যন্ত বিনম্ৰতাৰে ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰা হ'ব৷ (৩/৩)
— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) November 30, 2021
Photo: Khatang Khobor
Discussion about this post