জনীয়া বিধানসভা সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়া চাৰিআলি চ’কত বাইক আৰোহী আৰু বৰপেটা পৰিবহণ বিষয়া-কৰ্মীৰ মাজত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। এখন বাইকৰ চাবি কাঢ়ি লোৱাৰ বাবে এই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বুলি জানিব পৰা যায়।
উল্লেখ্য পৰিবহন বিভাগৰ দায়িত্বত থকা এগৰাকী হোমগাৰ্ডে বাইক আৰোহীৰ চাবি কাঢ়ি লৈ যায়। যাৰ বাবে ৰাইজ আৰু পৰিবহণ বিভাগৰ মাজত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয়। ফলত বাইক আৰোহীজনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় বাইকৰ অনুজ্ঞাপত্ৰ বা হেলমেট নিবিচাৰি চাবি কাঢ়ি লৈ যোৱাটো কিমান যুক্তিসংগত বুলি প্ৰশ্ন উত্থাপন কৰাৰ লগতে গাৰ্ডৰ কৰ্মচাৰীক নৈতিক শিক্ষা দি মানুহৰ লগত কেনে ব্যৱহাৰৰ কৰিব লাগে সেই সন্দৰ্ভত বিভাগীয় কৰ্তৃপক্ষক আহ্বান জনায়। সাংবাদিকে সোধা প্ৰশ্নত পৰিবহণ বিভাগৰ কৰ্মচাৰীয়ে হোম গাৰ্ডৰ ব্যৱহাৰত ভুল হোৱা বুলি স্বীকাৰোক্তি দিয়ে।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post