হোজাইৰ (Hojai) নীলবাগানত ভয়ংকৰ মাৰপিটৰ (Clash) ঘটনা ৷ পৰিস্থিতি উত্তপ্ত। ঘটনাস্থলীত পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা মোৰাঝাৰ আৰক্ষীৰ (Morajhar Police)। On কেমেৰা এটা পক্ষই আনটো পক্ষক লাখুটিৰে খেদি খেদি ভয়ংকৰ আক্ৰমণ ৷
On কেমেৰা যুদ্ধসদৃশ পৰিৱেশ নীলবাগান বজাৰৰ মাজমজিয়াত। দুয়ো পক্ষৰ চাৰিজনকৈ লোক আহত ৷ আহতসকলক ততাতৈয়াকৈ মোৰাঝাৰ আৰক্ষীয়ে (Morajhar Police)উদ্ধাৰ কৰি প্ৰেৰণ কৰিছে চিকিৎসালয়ত।
হাতে হাতে লাঠি,বাটাম লৈ আক্ৰমণ প্ৰত্যাক্ৰমণৰ ভয়ংকৰ ঘটনা। দুটা ফৈদৰ ভয়ংকৰ মাৰপিটত উত্তপ্ত পৰিস্থিতি নীলবাগানত। এই মাৰপিটৰ সময়ত এগৰাকী কলেজীয়া ছাত্ৰৰ ওপৰতো আক্ৰমণ হোৱা বুলি অভিযোগ উত্থাপন হৈছে অভিযোগ।
ঘটনাৰ বিৱৰণী অনুসৰি মেথি গাঁৱৰ আব্দুল কুদ্দুছ নামৰ লোকজনে নীলবাগান তিনি আলিত নিজৰ চাৰিচকীয়া বাহনেৰে গৈ থকাৰ সময়ত পথৰ উপৰত পি ডব্লিউ ডিৰ ভূমিত থকা অবৈধ গাড়ী পাৰ্কিঙক কেন্দ্ৰ কৰি মাৰপিটৰ সূত্ৰপাত ঘটে ৷
পথৰ উপৰত দুয়োকাষে ই ৰিক্সা ,অট, মেজিক আদি থকাৰ ফলত প্ৰায় সময়ত পথচাৰী ৰাইজ অহা যোৱাৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হোৱা বুলি অভিযোগ উঠিছে।
পথৰ দুয়োকাষে টমটম ৰখাই থোৱাৰ ফলত কুদ্দুছ নামৰ লোকজনে তেওঁৰ চাৰি চকীয়া বাহনেৰে পাৰহোৱাৰ সময়ত গাড়ীখনৰ ক্ষতিসাধন হোৱাক লৈ মাৰপিটৰ ঘটনা ৷
কিছু সময়ৰ মূৰে মূৰে দলে দলে ওলাই আহি উত্তেজিত হৈ দুয়ো ফৈদেই তিনি-চাৰিবাৰকৈ মাৰপিট কৰে ৷
Photo & Input: মনজ্যোতি মুদৈ
Discussion about this post