তেজপুৰৰ কৃষি বিশ্ববিদ্যালয়ত এগৰাকী ছাত্ৰীয়ে হাফপেণ্ট পিন্ধি পৰীক্ষা দিবলৈ অহা ছাত্ৰীক পৰীক্ষাকেন্দ্ৰত প্ৰৱেশ কৰিবলৈ দিয়া নাছিল। অৱশ্যে পিছত ছাত্ৰীগৰাকীক পৰ্দা পিন্ধাই পৰীক্ষাত বহিবলৈ দিয়া হৈছিল। এই ঘটনাটোৰ পিছতে ব্যাপক তীব্ৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল।
এইবাৰ পুনৰ চৰাইদেউৰ সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত হাফপেণ্টক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। ‘কাৰ্যালয়ৰ শিষ্টাচাৰ নীতি অনুসৰি এই কাৰ্যায়লত ‘হাফপেণ্ট’ পৰিধান কৰি নাহিবলৈ অনুৰোধ জনোৱা হ’ল’- এই অনুৰোধেৰে দেৱালে দেৱালে পোষ্টাৰ ওলমাইছে সাপেখাতী ৰাজহ চক্ৰ কাৰ্যালয়ত।

সাপেখাতী ৰাজহ চক্ৰ বিষয়াৰ আদেশানুক্ৰমে জাননী খন ওলোমা বুলি স্পষ্টভাৱে উল্লেখ কৰি ওলমাই ৰাখিছে পোষ্টাৰসমূহ ৷
এই ঘটনাক কেন্দ্ৰ কৰি চছিয়েল মেডিয়াত চলিছে ব্যাপক চৰ্চা ৷ এফালে এই ঘটনা সন্দৰ্ভত কাৰ্যালয়টোত কৰ্মৰত বিষয়া কৰ্মচাৰীৰ সৈতে যোগাযোগ কৰাত বিগত চাৰিটা মাহৰ পূৰ্বেই পোষ্টাৰসমূহ লগোৱা বুলি জানিবলৈ দিয়াৰ লগতে কাৰ্যালয়টোত বিষয়া দুগৰাকী মহিলা হোৱা হেতুকে বহু লোকে অমাৰ্জিত সাজ পোছাক পৰিধান কৰি কাৰ্যালয়ত প্ৰৱেশ কৰাৰ বাৱেই পোষ্টাৰসমূহ লগোৱা হৈছে বুলি জানিবলৈ দিয়ে ৷
Photo: Khatang Khobor





























Discussion about this post