কলগাছিয়াত (Kalgachia) বাল্য বিবাহৰ (Child Marriage) গোচৰত এজন দেৱানীক গ্ৰেপ্তাৰ (Arrest)। কলগাছিয়াৰ লাচাংগা গাঁৱৰ স্বামী গৃহৰ পৰা উদ্ধাৰ কৰা হৈছিল বাল্য বিবাহ হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক। ৫ মাহ পূৰ্বে চবুৰ উদ্দিনৰ ১৯ বছৰীয়া যুৱকৰ সৈতে বাল্য বিবাহ হৈছিল কিশোৰীগৰাকীৰ। দেওবাৰে বাল্য বিবাহৰ লগত জড়িত থকাৰ অপৰাধত কলগাছিয়া আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আব্দুল মজিদ নামৰ এগৰাকী দেৱানীক।
উল্লেখযোগ্য যে, যোৱা ১৪ অক্টোবৰত কলগাছিয়া আৰক্ষী প্ৰশাসনৰ এটি সজাতি দলে কলগাছিয়াৰ লাচাংগা গাঁৱত স্বামীগৃহৰ পৰা বাল্য বিবাহ হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল যদিও বাল্য বিবাহৰ (Child Marriage) লগত জড়িত থকা কাজী, দেৱানী পলাতক হৈ আছিল।
দেৱানীৰ ভাষ্য-
লাচাংগা গাঁৱৰ নশ্বেৰ আলীৰ নাবালিকা ছোৱালী ৫ মাহ পূৰ্বে একে গাঁৱৰে চবুৰ উদ্দিনৰ ১৯ বছৰীয়া যুৱকৰ লগত চুক্তি মতে বাল্য বিবাহ (Child Marriage) হৈছিল। পিছত ১৩ তাৰিখে নিশা কলগাছিয়া আৰক্ষী প্ৰশাসনে লাচাংগা গাঁৱৰ কিশোৰী গৰাকী আৰু ১৯ বছৰীয়া স্বামীক উদ্ধাৰ কৰি কলগাছিয়া থানালৈ লৈ আহে আৰু ৬৮১/২০২১ নম্বৰৰ এখন গোচৰ ৰুজু কৰি বৰপেটা জেল হাজোতলৈ প্ৰেৰণ কৰে।
কিন্তু উক্ত বাল্য বিবাহৰ (Child Marriage) লগত জড়িত থকা আন কেইগৰাকী লোক পলাতক হৈ আছিল। শনিবাৰে তাৰে আব্দুল মজিদ নামৰ এজন দেৱানীক গ্ৰেপ্তাৰ কৰি দেওবাৰে জেল হাজোতলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে।
Photo & Input: ৰবিউল ইছলাম
Discussion about this post