ভয়ংকৰ অগ্নিকাণ্ডৰ (Massive Fire) পৰা কথোমপি ৰক্ষা পৰিল চাপৰ (Chapar) ধীৰঘাটৰ এটা বৃহৎ অঞ্চল। চাপৰ ধীৰঘাটৰ মহম্মদ নুৰু আলীৰ ঘৰত চিলিণ্ডাৰত লাগিল জুই (Cylinder Fire)। ভাত ৰান্ধি থকা অৱস্থাতে হঠাৎ দপদপাই চিলিণ্ডাৰত জুই (Fire) জ্বলি উঠে।
সাহস কৰি যুৱক এজনে (Brave Boy) জ্বলি থকা চিলিণ্ডাৰটো পথাৰত পেলাই দিয়ে। ঘটনাস্থলীত চাপৰ অগ্নিনিৰ্বাপন বাহিনী আৰু শালকোছা আৰক্ষী উপস্থিত হৈ চিলিণ্ডাৰটো বিস্ফোৰণৰ পৰা ৰক্ষা কৰে। অগ্নিকাণ্ডটোৰ ফলত কোনো ধৰণৰ ক্ষয় ক্ষতি হোৱা নাই যদিও এক বৃহৎ অঞ্চল কথোমপি ৰক্ষা পৰিল।
Photo & Input: Nurjamal sk





























Discussion about this post