নগাঁও জিলাত মাটি কিনা বেচাক কেন্দ্ৰ কৰি উপায়ুক্ত কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি ৰাজহ চক্ৰ বিষয়া আৰু উপ-পঞ্জীয়কৰ কাৰ্যালয়লৈকে দুৰ্নীতি-অনিয়মে ছানি ধৰিছে। সমান্তৰালভাৱে উৎকোচৰো এক ৰমৰমীয়া ব্যৱসায় দীৰ্ঘদিন ধৰি চলি আহিছে।
মাটি কিনা বেচা কৰা আপত্তিবিহীন ফাইলসমূহ সংশ্লিষ্ট কাৰ্যালয়সমূহৰ বিষয়া-কৰ্মচাৰীয়ে সময় মতে কাম নকৰাৰ ফলত মাহৰ পিছত মাহ ধৰি ফাইলসমূহ পৰি থকাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।
নগাঁৱৰ ৰাজহ বিভাগৰ দায়িত্বত থকা এগৰাকী অতিৰিক্ত উপায়ুক্তৰ বিৰুদ্ধে ভুক্তভোগী বহু লোকে অভিযোগ উত্থাপন কৰিছে। এই গৰাকী অতিৰিক্ত উপায়ুক্তই নিৰ্দিষ্ট সময়ত মাটি-বাৰী কিনা বেচা কৰা ফাইলসমূহ ৰহস্যকাৰণত অনুমোদন নিদিয়াত জিলাখনৰ সৰ্বসাধাৰণ ৰাইজ চৰম সমস্যাৰ সন্মুখীন হৈছে।
আপত্তি বিহীন প্ৰমাণ পত্ৰ বিচাৰি মাহৰ পিছত মাহ ধৰি সংশ্লিষ্ট কাৰ্যালয়সমূহত তাত বাতি কৰিও কোনো সুফল নোপোৱাত একাংশ ভুক্তভোগী লোক আজি সংবাদ মাধ্যমৰ কাষ চাপে।
সংবাদ মাধ্যমৰ আগত এইসকল ভুক্তভোগীয়ে ক্ষোভেৰে কয়-বৰ্তমানৰ চৰকাৰে সাত দিনৰ ভিতৰত মাটি কিনা বেচা কৰাৰ অনুমতি পত্ৰ বা আপত্তি বিহীন প্ৰমাণ পত্ৰ দিবৰ বাবে নিৰ্দেশ দিছে যদিও বিষয়া কৰ্মচাৰীয়ে নিৰ্দ্দিষ্ট সময় ওকলি যোৱাৰ পিছতো কামটো কৰি নিদিয়ে।
যাৰ বাবে মাটি কিনা-বেচা কৰা লোকসকল সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। এজন ভুক্তভোগীয়ে অভিযোগ কৰা মতে, তেওঁৰ শহুৰেকৰ অসুখৰ বাবে শহুৰেকে ২০১৯ চনৰ ২২ আগষ্টত মাটি বিক্ৰী কৰিবৰ বাবে আবেদন কৰিছিল যদিও মানুহজনে আজিপৰ্যন্ত মাটি বিক্ৰী কৰাৰ অনুমতি পত্ৰ লাভ নকৰিলে।
এনেদৰে জিলাখনত উপায়ুক্ত কাৰ্যালয়, চক্ৰ বিষয়া আৰু উপ পঞ্জীয়কৰ কাৰ্যালয়ৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মাটি ক্ৰয়- বিক্ৰয় কৰিবলৈ অহা লোকসকলক বিভিন্ন অজুহাতত হাৰাশাস্তি কৰি আহিছে।
এই কাৰ্যালয়সমূহত বিশেষকৈ চক্ৰ বিষয়া আৰু উপ-পঞ্জীয়কৰ কাৰ্যালয়ত দালাল অবিহনে কামেই নহয় বুলি একাংশ ভুক্তভোগীয়ে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰিছে।
একাংশ বিষয়া-কৰ্মচাৰীয়ে উৎকোচ নহ’লে কামেই কৰিব নিবিচাৰে। জিলাখনৰ নগাঁও সদৰ কলিয়াবৰ, চামগুৰি, ৰূপহী, ধিং, ৰহা, কামপুৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ত মাটি কিনা বেচা কৰাৰ ক্ষেত্ৰত এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে।
বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে ৰাইজক সু-শাসন দিয়াৰ বাবে সকলো বিভাগৰ ফাইলসমূহ দীৰ্ঘ দিন ধৰি একে ঠাইতে থাকিবলৈ দিয়া নহ’ব বুলি সকলো বিভাগক সকিয়নী প্ৰদান কৰিছিল যদিও সেই ক্ষেত্ৰত বিষয়া কৰ্মচাৰীয়ে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।
চৰকাৰে ফাইলসমূহৰ কাম ক্ষীপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছিল যদিও বিষয়া কৰ্মচাৰী সকলে ফাইলসমূহৰ কাম পেলাই থোৱাৰ অভিযোগ উত্থাপিত হৈছে।
উল্লেখ্য অলপতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই চক্ৰ বিষয়াৰ সৈতে হোৱা এক আলোচনাত অহা ৫ অক্টোবৰৰ ভিতৰত মাটি-বাৰী ক্ৰয়-বিক্ৰয়কে ধৰি সকলো ধৰণৰ আপত্তিবিহীন ফাইলৰ কাম সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়াৰ পিছত নগাঁও জিলা উপায়ুক্ত কাৰ্যালয় সংশ্লিষ্ট ৰাজহ বিভাগৰ অতিৰিক্ত উপায়ুক্তগৰাকীয়ে উৎকোচ নোপোৱা ফাইলসমূহৰ ক্ষেত্ৰত এক নতুন কৌশল উদ্ভাৱন কৰি ফাইলসমূহ সৰু সুৰা অজুহাত দেখুৱাই চক্ৰ।
বিষয়াৰ কাৰ্যালয়লৈ ঘূৰাই পঠাইছে। এক বিভাগীয় সূত্ৰে জনা মতে, ক’ডিডজনিত কাৰণত ২০১৯ চনৰ পৰা পৰি থকা মাটি বাৰী ক্ৰয়-বিক্ৰয়ৰ বাবে মুঠ ৭ শতাধিক ফাইলৰ ভিতৰত প্ৰায় পাঁচ শতাধিক ফাইলেই বিনা কাৰণত ঘূৰাই পঠাইছে।
অভিযোগ অনুসৰি, প্ৰতিটো ফাইলৰ বিপৰীতে অতিৰিক্ত উপায়ুক্তগৰাকীক ১০/১৫ হাজাৰ টকা দিব লাগে আৰু সেই ধন নোপোৱাৰ বাবেই জাপে জাপে ফাইলসমূহ ঘূৰাই পঠাইছে।
মুঠতে নগাঁও জিলাত মাটি-বাৰী ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত সংগঠিত হোৱা দুৰ্নীতি-অনিয়মৰ কাম-কাজৰ তদন্ত কৰি ইয়াৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকলৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিবলৈ নগাঁৱৰ সচেতন মহলে দাবী জনাইছে।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post