গুৰুজনাৰ অংকীয়া ভাওনাক অপমান কৰা হ’ল নগাঁৱৰ কঢ়ালীগাঁৱত! বেহাৰবাৰী আউটপ’ষ্টৰ (Beharbari outpost) মোহনখ্যাত অভিনেতা দ্বীপজ্যোতি কেওটে মোহিনীৰ চৰিত্ৰত অভিনয় কৰাৰ সময়ত চুম্বনৰ দৃশ্যাংশৰ পিছতে সামাজিক মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছিল। সমুদ্ৰ মন্থন নামৰ নাটখনত দ্বীপজ্যোতিয়ে মোহিনীৰ চৰিত্ৰত অভিনয় কৰা সময়ছোৱাত অসুৰক‘ফ্লায়িং কিছ’ দিয়া দৃশ্যই সামাজিক মাধ্যমত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে অভিনেতাগৰাকীয়ে গুৰুজনাৰ সংস্কৃতিক অপমান কৰাৰো অভিযোগ উত্থাপন হৈছিল।
চাওক ভিডিঅ’-
অৱশ্যে, এই বিতৰ্কৰ পিছতে সংবাদ মাধ্যমৰ জৰিয়তে ৰাজহুৱাভাৱে ক্ষমা খুজিলে দ্বীপজ্যোতিয়ে। হাস্যৰসৰ নামত নগাঁৱত (Nagaon) অসমীয়া ভাওনাক বিকৃত ৰূপত উপস্থাপন কৰাৰ পিছতেই সৰ্বত্ৰে সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। অভিনেতাগৰাকীয়ে চুম্বন কৰাৰ কথা অস্বীকাৰ কৰি কয় যে, তেওঁ অসুৰক কাণে কাণে কথা কোৱাৰ দৃশ্যকে দৰ্শকে চুমা খোৱা বুলি ভাবিছে।
অৱশ্যে ফ্লায়িং কিছ দিয়াৰ বাবে তেওঁ ক্ষমা বিচাৰে। অভিনেতাগৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কয় যে, ভৱিষ্যতে তেওঁ ভাওনাত অভিনয় কৰোতে অধিক সাৱধান হ’ব।
ক্ষমা খোজে দ্বীপজ্যোতিয়ে-
ইফালে ভাওনাক বিকৃত ৰূপত উপস্থাপন কৰাক লৈ যোৰহাট জিলা ভাওনা সন্মিলনীৰ প্ৰতিক্ৰিয়া। এখন ভাওনাত জনপ্ৰিয় ধাৰাবাহিক বেহৰবাৰী আউটপোষ্টৰ অভিনেতা দীপজ্যোতি কেওট আৰু অশ্বীনি ডেকাই ভাওনাক যি দৰে বিকৃত ৰূপত উপস্থাপন কৰিলে তাক লৈ সৰ্বত্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ লগতে যোৰহাট জিলা ভাওনা সন্মিলনীয়ে ব্যাপক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। আৰু অভিনেতা দুজনক অনতি পলমে অসমীয়া ৰাইজৰ ওচৰত ক্ষমা খুজিবলৈ দাবী জনাইছিল।
Photo: Khatang Khobor
Discussion about this post