পৰীক্ষা কেন্দ্ৰৰ পৰা নহয়, জেলৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব বৰ্ষাশ্ৰী বুঢ়াগোহাঁইয়ে (Barshashree Buragohain)। এই কথা জানিবলৈ দিয়ে গোলাঘাট আৰক্ষীয়ে (Golaghat Police)। বিগত দুমাহ ধৰি কাৰাবন্দী হৈ থকা বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোঁহাইক বৃহস্পতিবাৰে পৰীক্ষাত বহাৰ অনুমতি প্ৰদান কৰিছিল গোলাঘাট জিলা সত্ৰ ন্যায়াধীশৰ আদালতে। আদালতে নিজ পৰীক্ষা কেন্দ্ৰৰ পৰাই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিছিল বৰ্ষাশ্ৰীক।
কিন্তু আইন শৃংখলাজনিত কাৰণত পৰীক্ষা কেন্দ্ৰৰ পৰিৱৰ্তে কাৰাগাৰতে বৰ্ষাশ্ৰীক (Barshashree Buragohain) পৰীক্ষাত বহাৰ সকলো ব্যৱস্থা কৰি দিব বুলি জনায় গোলাঘাট আৰক্ষীয়ে। আৰক্ষীয়ে ডিচিবি কলেজৰ (DCB College) পৰা লৈ যাব বৰ্ষাশ্ৰীৰ পৰীক্ষাৰ প্ৰশ্ন কাকত আৰু বহী।
১৬ জুলাই অর্থাৎ কাইলৈ স্নাতক দ্বিতীয় ষাণ্মাসিকৰ পৰীক্ষাত অৱতীৰ্ণ হব বৰ্ষাশ্ৰী বুঢ়াগোহাঁই (Barshashree Buragohain)। সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত পোষ্ট কৰাৰ অপৰাধত ১৮ মে’ত আৰক্ষীয়ে উৰিয়ামঘাটৰ পৰা গ্ৰেপ্তাৰ কৰিছিল টীয়কৰ ১৯ বৰ্ষীয় যুৱতীগৰাকীক। তেতিয়াৰে পৰা কাৰাগাৰত বন্দীত্বৰ জীৱন পাৰ কৰি আছে বৰ্ষাশ্ৰীয়ে।
ইফালে বৃহস্পতিবাৰে বৰ্ষাশ্ৰী শদিয়াখোৱা বুঢ়াগোঁহাই (Barshashree Buragohain) সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই (Reaction CM Himanta Biswa Sarma)।
বৃহস্পতিবাৰে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপৰ সময়ত মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে বৰ্ষাশ্ৰীক কবিতা লিখাৰ বাবে নহয়, বাৰে বাৰে ৰাষ্ট্ৰদ্ৰোহ কৰিম বুলি কোৱা কাৰণেহে গ্ৰেপ্তাৰ কৰা হৈছিল। যদি যুৱতীগৰাকীক গ্ৰেপ্তাৰ নকৰিলে হয় তাই আলফালৈ (Ulfa) গুচি গ’ল হয়।
Photo: Khatang Khobor
Discussion about this post