বৰপেটাৰ সত্ৰ নামঘৰত (Barpeta Satra Namghar) চুৰিৰ সৈতে জড়িত ভগৱান মজুমদাৰক গ্ৰেপ্তাৰ আৰক্ষীৰ ৷ আৰক্ষীৰ জালত ভগৱানৰ সহযোগী আন দুজনকো গ্ৰেপ্তাৰ ৷ উদ্ধাৰ মন্দিৰৰ চুৰি সামগ্ৰী (Thieves loot Temple)৷
অবশেষত আৰক্ষীৰ জালত পৰিল বৰপেটাৰ সত্ৰ, থান নামঘৰত চুৰি কাৰ্যৰে সন্ত্ৰাস চলোৱা চোৰৰ দলটো ৷ বৰপেটা আৰক্ষীয়ে (Barpeta Police) অভিযান চলাই সোমবাৰে নিশা বৰপেটা চহৰৰ গণককুছিৰ নিজ গৃহৰ পৰা সত্ৰ নামঘৰৰ চুৰি কাৰ্যৰ সৈতে জৰিত চোৰটোক গ্ৰেপ্তাৰ কৰে (Thieves Arrest)৷
আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ চোৰটোৰ নাম ভগৱান মজুমদাৰ ৷ ভগৱান মজুমদাৰৰ ঘৰৰ পৰা চিনপৰা ভিঠি থানৰ পৰা চুৰি হোৱা পিতলৰ চৰিয়া, খৰাহী আদি সামগ্ৰী উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷ আনহাতে ভগৱান মজুমদাৰ নামৰ চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে তলা ভাঙিব পৰা সামগ্ৰী ৷
ইপিনে বৰপেটা আৰক্ষীয়ে (Barpeta Police) ভগৱান মজুমদাৰৰ সহযোগী গহেৰপাম গাৱৰ চামাদ উদ্দিন আৰু গান্ধী নগৰৰ ৰুহুল আহমেদ নামৰ আন দুটা চোৰকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ আগত দিয়া স্বীকাৰোক্তি অনুসৰি ভগৱান মজুমদাৰে চুৰি সামগ্ৰীসমূহ গহেৰপাম গাঁৱৰ চামাদ উদ্দিনৰ ওচৰত বিক্ৰী কৰিছিল ৷ ইপিনে চামাদ উদ্দিন নামৰ চোৰটোৱে চুৰি কাঁহ পিতলৰ সামগ্ৰীসমূহ সৰ্থেবাৰীত (Sarthebari) বিক্ৰীৰ সন্দেহ আৰক্ষীৰ ৷
বিগত কেইবাটাও দিন ধৰি বৰপেটা চহৰৰ (Barpeta City) এখনৰ পিছত আনখন সত্ৰত চুৰি কাৰ্যৰে একপ্ৰকাৰ আতংকৰ সৃষ্টি কৰিছিল চোৰৰ দলটোৱে ৷ সত্ৰনগৰী বৰপেটা চহৰৰ সত্ৰ নামঘৰত হোৱা চুৰিৰ ঘটনাক লৈ চহৰখনত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল ৷
আনকি সত্ৰনগৰীৰ ধৰ্মীয় স্থান, থান সত্ৰসমূহত আৰম্ভ হোৱা চুৰি কাৰ্য আৰু ভক্তৰ ধৰ্মীয় অনুভূতিত আঘাত হনা কাৰ্যৰ বিৰুদ্ধে বৰপেটা সত্ৰই আজি (৬ এপ্ৰিল, বুধবাৰে) বৰপেটা সত্ৰৰ দালানৰ সন্মুখত দুঘন্টীয়া অৱস্থান কাৰ্যসূচী চলাই ৷
ইয়াৰ মাজতেই সোমবাৰে নিশা বৰপেটা আৰক্ষীয়ে ভগৱান মজুমদাৰ নামৰ চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱাৰ লগতে চোৰটোৰ ঘৰৰ পৰা উদ্ধাৰ হয় মন্দিৰত ব্যৱহৃত চুৰি সামগ্ৰী ৷
লক্ষ্যণীয়ভাৱে ভগৱান মজুমদাৰ পূৰ্বে বৰপেটা সত্ৰৰ মূল দুৱাৰৰ ৰক্ষক হিচাপে কৰ্মৰত আছিল ৷ সত্ৰ নামঘৰৰ চুৰিৰ অভিযোগত ভগৱান মজুমদাৰক গ্ৰেপ্তাৰক লৈ বৰপেটাত চাঞ্চল্য ৷
Photo & Input: ৰবিউল ইছলাম
Discussion about this post