কাছাৰ জিলাৰ (Cachar District) লক্ষীপুৰ (Lakhipur) চহৰত ২ গৰাকী যুৱতীৰ প্ৰহাৰ এজন অটো চালকক (Auto Driver Beaten By 2 Girls)। চালকজনৰ নাম জিন্টু চাষা। অভিযোগ অনুসৰি চালকজনে অটো লৈ যাওঁতে অটোখন দুগৰাকী যুৱতীৰ গাত লাগিছিল। তাৰ পিছৰ পৰিস্থিতি এয়া…
এই ২ গৰাকী যুৱতীৰ অভিযোগৰ পিছতে ৰাজহুৱা স্থানত বহু সময় ধৰি চালকক চোচৰাই-চোচৰাই চাণ্ডেল আৰু হাতেৰে মাৰধৰ কৰে। ঘটনাটো ঘটিছিল লক্ষীপুৰ মহকুমা শাসকৰ কার্যালয় আৰু লক্ষীপুৰ সদৰ আৰক্ষী থানাৰ সমীপতে।
চাওক Video-
আনহাতে চালকজনে বাৰে-বাৰে নিজকে নিৰ্দোষী বুলি ক্ষমা বিচাৰি আছিল। কিন্তু যুৱতী দুগৰাকী এৰি দিয়া নাছিল। মাৰধৰ কৰি টানি-আজুৰি ফালি পেলালে যুৱকজনৰ কাপোৰ। পিছত স্থানীয় ৰাইজ উত্তেজিত হৈ দুগৰাকী যুৱতীৰ পৰা ৰক্ষা কৰে চালকজনক।
ঘটনাস্থলীত লক্ষীপুৰ আৰক্ষী (Lakhipur Police) উপস্থিত হৈ চালক আৰু দুয়ো গৰাকী যুৱতীক লৈ যায় আৰক্ষী থানাত। এই ঘটনাটোক লৈ ৰাইজৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে। যুৱতী হোৱাৰ সুযোগ লৈ এনে ঘটনা সংঘটিত কৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰাইজে।
Photo & Input: নৈতিক শীল
Discussion about this post