নগাঁও আৰক্ষীৰ জালত ৩ এ টি এম প্ৰৱঞ্চক। পিন নংসহ ৩২টা এটিএম কাৰ্ড জব্দ। বেংকৰ গ্ৰাহকৰ পৰা এটিএম যোগে ধন আত্মসাৎ কৰাৰ সন্দেহত নগাঁও আৰক্ষীয়ে আটক কৰে ৪টা এটিএম প্ৰৱঞ্চকক।
আৰক্ষীয়ে আটক কৰা যুৱক কেইজন হ’ল জিলাখনৰ চামগুৰি মোৱামাৰীৰ ইনামুল হক, হবিবুৰ ৰহমান, কামাল ইছলাম আৰু কাৱৈমাৰিৰ নাৱাজ শ্বৰীফ।
আৰক্ষী সূত্ৰে জানিব পৰা অনুসৰি, নগাঁও চহৰৰ ইটাচালিত আৰক্ষী চকীৰ সমীপৰ নতুন বজাৰত নগাঁও আৰক্ষীৰ এটা দলে সান্ধ্য আইন চলি থকাৰ সময়ত নিয়মীয়া তালাচীত এ এছ ০২ এছ ৩৩৬৩ নম্বৰৰ ৰঙা ৰঙৰ আই টেন গাড়ীত তালাচী চলায়।
তালাচীৰ সময়ত আৰক্ষীয়ে উক্ত গাড়ীখন, ৩২ খন এটিএম কাৰ্ড, পিন নং সহ ৪জন যুৱকক আটক কৰে। আটকাধীন যুৱক কেইজনে তেওঁলোক নিজকে চেন্ট্রেল বেংক অৱ ইণ্ডিয়াৰ চিএছপিৰ লগত জড়িত বুলি পৰিচয় দিয়ে। আৰক্ষীয়ে জব্দ কৰা গাড়ীখনত চেন্ট্ৰেল বেংকৰ ল’গ লগোৱা আছিল।
উল্লেখ্য যে যুৱক কেইজন মাইনৰিটি স্কলাৰশ্বিপ বা পিএম কিষানৰ হেকাৰ চক্ৰৰ লগত জড়িত থকাৰ সন্দেহ কৰা হৈছে যদিও আৰক্ষীৰ তদন্তত সমগ্ৰ বিষয় পোহৰলৈ আহিব।
সম্প্ৰতি নগাঁও আৰক্ষীয়ে যুৱক কেইজনক অধিক তথ্য উদঘাটনৰ বাবে নগাঁও সদৰ থানাত জেৰা অব্যাহত ৰাখিছে ।
Photo & Input: ৱাহিদুদ জামান
Discussion about this post