অসমতে (Assam) অসমীয়া ভাষাক (Assamese Language) চৰম অপমান। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা চৰকাৰী বেগত লিখিছে বাঙালী ভাষাত (Bengali Language) । অসম চৰকাৰৰ গৰীৱ কল্যাণ অন্ন যোজনা দুখীয়া পৰিয়ালক চাউল যোগান ধৰিবলৈ খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৫ কেজিকৈ চাউল যোগান ধৰিবলৈ দিয়া বেগত অপমান অসমীয়া ভাষাক।
ফটো উঠা আৰু সকলোতে নিজৰ ফটো লগোৱাত অতিকৈ আগ্ৰহী দেশৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ হাঁহি থকা ফটো লগোৱা এখন বিশেষ বেগ। চৰকাৰৰ এক আঁচনিৰ বেগ এয়া। প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা। খাদ্য আৰু অসামৰিক যোগান বিভাগৰ ৫ কেজিকৈ চাউল যোগান ধৰিবলৈ দিয়া এই বেগত লিখা কথাকেইটা বঙালী ভাষাত লিখিছে।
অসমত ‘অসম চৰকাৰ’ লিখিলে বঙালীত। মুখ্যমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰীৰ ফটোৰ ওপৰত লিখিছে বঙালীত লিখিছে আঁচনিৰ নাম। চৰকাৰী আঁচনি যোগান ধৰা বেগৰ ওপৰত অসমীয়া ভাষা এলাগী কৰি বঙালী ভাষা ব্যৱহাৰ কৰাত সোচ্চাৰ হৈ পৰিছে সদৌ অসম ছাত্ৰ সংস্থা। এই বেগসমূহ বিভিন্ন সমবায় সমূহত অসম চৰকাৰৰ খাদ্য আৰু অসমাৰিক যোগান বিভাগৰ তৰফৰ পৰা যোগান ধৰিছিল।
Photo & Input: মৃগাংক মেধি
আৰু পঢ়কঃ https://khatangkhobor.com/lifestyle/food/foods-to-avoid-with-egg-know-what-not-to-eat/3795/
Discussion about this post