বেশ্যা বৃত্তি গ্ৰহণৰ আহ্বান এগৰাকী চুলাই বিক্ৰী কৰা মহিলাক এগৰাকী মহিলা আৰক্ষীৰ। কেমেৰাত বন্দী চৰম অপমানৰ দৃশ্য। এই ঘটনা বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ।
অভয়াপুৰী আৰক্ষী আৰু আবকাৰী বিভাগৰ চুলাই বিৰোধী অভিযানত জনজাতীয় মহিলাক চৰম অপমান। চুলাই বিক্ৰী কৰা মহিলাক ধন উপাৰ্জনৰ বাবে বেশ্যা বৃত্তি কৰিবলৈ আহ্বান অভয়াপুৰী আৰক্ষী আৰু আবকাৰী বিভাগৰ।
বামুণগাঁও প্ৰথম খণ্ড আৰু দ্বিতীয় খণ্ড, দেওঁহাটী বেটেলিয়ন গেটত অবৈধ চুলাই আৰু বিলাতী সুৰাৰ বিৰুদ্ধে অভিযান চলাই থকা সময়ত এই ঘটনা সংঘটিত হয়।
এগৰাকী মহিলা আৰক্ষীয়ে আন এগৰাকী মহিলাক উদ্দেশ্যি ক’লে এনে কথা- ‘মুখ চম্ভালি কথা কবি, চুলিত ধৰি লৈ যাম, মোক নকবি বুলি কৈছো, চুলিত ধৰি চোঁচোৰাই লৈ যাম, বেশ্যা কৰ বেশ্যা কৰ তেতিয়া বহুত টকা হ’ব, তই কাক কথা কৈছ গম পাইচনে ?’
এনে বিতৰ্কিত তথা অপমানজনক বাক্যবানেৰে বহুকেইজন পুৰুষ আৰক্ষীৰ সন্মুখতে মহিলাক অপদস্থ কৰা পৰিলক্ষিত হয়।
আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ সুৰাৰ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই থকাটো প্ৰশংসনীয় কিন্তু এই অভিযানৰ নামত এগৰাকী মহিলাক বেশ্যা বৃত্তি অভয়াপুৰী আৰক্ষী আৰু আবকাৰী বিভাগৰ দলে কোৱাটো এক ভয়ংকৰ অপৰাধ।
মহিলাক বেশ্যা বৃত্তি কৰিবলৈ আহ্বান জনোৱা অভয়াপুৰী আৰক্ষী আৰু আবকাৰী বিভাগৰ কাণ্ডই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। মহিলা আৰক্ষী গৰাকীৰ নাম পলী কলিতা বুলি জানিব পৰা গৈছে।
Photo & Input: সৌৰভ জ্যোতি দাস
Discussion about this post