নেৰানেপেৰা বৰষুণৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি পুনৰ এবাৰ সৃষ্টি হৈছে বান (Artificial Flood) আৰু ভূমিস্খলনৰ (Landslide) আতংক। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। গৃহহীন হৈছে বহু পৰিয়াল। নষ্ট হৈছে খেতি-পথাৰ। বাঢ়নী পানীয়ে প্ৰতিখন জিলাতে সৃষ্টি কৰিছে জটিল ৰূপ।
এই সকলোৰে মাজতে হোজাইত (Hojai Flood) অপৰিৱৰ্তীত বান পৰিস্থিতি। বানে ছিঙি লৈ গ’ল ৰে’ল লাইনৰ (Rail Line) বৃহৎ অংশ। ৰে’ল লাইনৰ ওপৰেদি বৈছে পানী। হোজাইৰ যোগীজান যমুনামুখ সংযোগী ৰে’ল পথৰ (Hojai Jugijan Railway Station) ওপৰেৰে বাগৰিছে পানী।
যি কোনো মুহূৰ্ততে উটুৱাই লৈ যাব পাৰে হোজাই যমুনামুখ সংযোগী ৰে’লপথ। চৰকাৰ তথা জিলা প্ৰশাসনৰ ফালৰ পৰা কোনোধৰণৰ সহায়-সহযোগিতা নোপোৱাৰো অভিযোগ স্থানীয়ৰ।
উল্লেখ্য শুক্ৰবাৰে নিশা হোজাইৰ ৰাইকাটা অঞ্চলত সংঘটিত হয় ভয়ংকৰ নাও দুৰ্ঘটনা। যাৰ ফলত শিশুসহ নিখোজ হৈ পৰে কেইবাজনো লোক। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে সদৰি কৰা অনুসৰি ৰাজ্যৰ প্ৰায় ২৮খন জিলা বানপানীৰ দ্বাৰা ক্ষতিগ্ৰস্ত হৈছে। এই জিলাসমূহত, বানপানীৰ ফলত প্ৰায় ১৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছে।
Photo & Input: Khatang Khobor
Discussion about this post