পুনৰ কৃত্ৰিম বান (Artificial Flood) আৰু ভূমিস্খলনৰ (Landslide) কবলত পৰিছে গুৱাহাটী মহানগৰীৰ (Guwahati City) বহু অঞ্চল। নেৰানেপেৰা বৰষুণৰ পিছতে সমগ্ৰ ৰাজ্যজুৰি পুনৰ এবাৰ সৃষ্টি হৈছে বান আৰু ভূমিস্খলনৰ আতংক। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে। গৃহহীন হৈছে বহু পৰিয়াল।
এই সকলোবোৰৰ মাজতে এইবাৰ গোৱালপাৰাত (Goalpara) সংঘটিত হৈছে এক কৰুণ ঘটনা (Tragic Incident)। গোৱালপাৰা চহৰৰ ১৯নং ৱাৰ্ডৰ আজাদ নগৰত পুৱা ভূমিস্খলন (landslide) হৈ শোৱাপাটীতে দুটিকৈ কণমানি শিশুৱে (2 Child Died) প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোত।
মুষলধাৰ বৰষুণৰ ফলত নিশা পাহাৰৰ মাটি খহি শুই থকা অৱস্থাতে প্ৰাণ হেৰুৱায় দুটিকৈ শিশুৱে। মৃত শিশু দুটি সম্পৰ্কত ভাতৃ-ভগ্নী। নিহত শিশু দুটিৰ নাম আলী হুছেইন (১੦) আৰু আছমা খাতুন (৮) বুলি জানিব পৰা গৈছে। দুয়োৰে পিতৃৰ নাম আছিৰুদ্দিন সিকদাৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, এই ঘটনাৰ মাত্ৰ দুদিন পূৰ্বে মহানগৰীৰ পশ্চিম বৰাগাঁও নিজৰাপাৰ (Nizarapar Area Near Boragaon) অঞ্চলত পাহাৰৰ মাটি খহি এটা ঘৰ পোত গৈ ৪জনকৈ শ্ৰমিকে (Four Workers Die) প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। দিনটো কাম কৰি নিশা শুই থকা অৱস্থাতে এই কৰুণ ঘটনা সংঘটিত হৈছিল।
Photo: Khatang Khobor
Discussion about this post