তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব লিখিত পৰীক্ষা (Assam Recruitment Exam)। ইতিমধ্যে ২১ আগষ্টত অনুষ্ঠিত হৈ যায় চতুৰ্থ বৰ্গৰ পদৰ বাবে লিখিত পৰীক্ষা। পৰীক্ষা সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে (Assam Govt) গ্ৰহণ কৰিছে বিভিন্নধৰণৰ কঠোৰ পদক্ষেপ।
আনকি পৰীক্ষা অনুষ্ঠিত হোৱা দুটা দিনত আগবেলা দুঘণ্টা আৰু পাছবেলা দুঘণ্টাকৈ মুঠ চাৰিঘণ্টা ইণ্টাৰনেট বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে (4 Hour Internet Shutdown)। হোৱাটছএপ যোগে যাতে কোনেও প্ৰশ্নকাকত ভাইৰেল কৰিব নোৱাৰে তাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে এই কঠোৰ পদক্ষেপ।
ইণ্টাৰনেট বন্ধ কৰা সন্দৰ্ভত ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ মাজতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ (Gauhati High Court) মজিয়া পালেগৈ চৰকাৰীভাবে ইণ্টাৰনেট বন্ধ কৰাৰ নিৰ্দেশনাৰ প্ৰসংগ।
ৰাজ্য চৰকাৰৰ এই পৰিকল্পনাহীন সিদ্ধান্তক প্রত্যাহ্বান জনাই সামাজিক ক্ষেত্ৰৰ সক্ৰিয় কৰ্মী গুৱাহাটীৰ ৰাজু প্ৰকাশ শৰ্মাই (Raju Prasad Sarma) গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন লেখ আবেদন দাখিল কৰিছে (Petition Filed At Gauhati High Court Against Internet Shutdown)।
ৰাজ্য চৰকাৰে অহা ২৮ আগষ্টত অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ দিনাও বন্ধ কৰিব ইণ্টাৰনেট সেৱা, তাৰ প্ৰাকমুহূৰ্তত আজি ইণ্টাৰনেট ফ্রিডম ফাউণ্ডেছন (The Internet Freedom Foundation) নামৰ সংগঠনটোৰ সহযোগত ৰাজু প্ৰসাদ শৰ্মাই গুৱাহাটী উচ্চ ন্যায়ালয়ত এই লেখ আবেদনখন দাখিল কৰিছে।
Photo: Google
Published By: Dulu Medhi
Discussion about this post