কোকৰাঝাৰৰ (Kokrajhar) অভয়াখুঁটিৰ (Abhayakhuti) লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ (Gang Rape And Murder Case) ৩ অপৰাধীক (3 Rapist) ফাঁচীৰ নিৰ্দেশ আদালতৰ (Awarded Death Sentence To Accused)। কোকৰাঝাৰৰ লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান, তিনি পাষণ্ডক ফাঁচীৰ শাস্তি।
১০ মাহৰ পিছত ন্যায় পালে কোকৰাঝাৰত দলবদ্ধ ধৰ্ষণকাণ্ডৰ বলি হোৱা দুই ভগ্নীৰ পৰিয়ালে। অভয়াখুঁটিৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ তিনি অপৰাধীক ফাঁচীৰ ৰায় প্ৰদান কৰিলে কোকৰাঝাৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতে (Hon. Sessions Court, Kokrajhar)।
উল্লেখ্য যে, ২০২১ৰ ১০ জুনত দুগৰাকী জনজতীয় সম্প্ৰদায়ৰ দুই সম্পৰ্কীয় ভগ্নীক দলবদ্ধ ধৰ্ষণ কৰাৰ পিছত নৃশংসভাৱে হত্যা কৰি মৃতদেহ দুটা গছত ওলোমাই থৈ আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিছিল এই ৩ পাষণ্ডই। কিশোৰী দুগৰাকীৰ ধৰ্ষণকাণ্ড পোহৰলৈ অহাৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হৈছিল তীব্ৰ চাঞ্চল্যৰ।
আনকি খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই (CM Himanta Biswa Sarma) ১৩ জুনত কিশোৰী দুগৰাকীৰ বাসগৃহত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে এছআইটি কমিটি গঠন কৰি ঘটনাৰ তাৎক্ষণিক তদন্তৰ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে এই লোমহৰ্ষক ধৰ্ষণ আৰু হত্যাকাণ্ডৰ অভিযোগত মুঠ ৭জনক আটক কৰে যদিও পৰৱৰ্তী সময়ত ৪ জনক দোষমুক্ত ঘোষণা কৰিছিল আদালতে।
Hon. Sessions Court, Kokrajhar awarded death sentence to accused Muzamil, Najibul & Farizul in the gruesome case of rape & murder of two tribal minor girls.
I visited the family on 13.6.21 and directed @lrbishnoiassam to form SIT and take the case to it’s logical conclusion. pic.twitter.com/sYHPYYJ7nM— Himanta Biswa Sarma (Modi Ka Parivar) (@himantabiswa) April 8, 2022
আনহাতে বাকী তিনিজন ক্ৰমে- ফৰিজুল ৰহমান (২২), মোজাম্মেল শ্বেখ (২০) আৰু নাজিবুল আলী শ্বেখ (১৯)ক কোকৰাঝাৰ সদৰ থানাৰ গোচৰ নং ৪৪০/২১ৰ অধীনত গ্ৰেপ্তাৰ কৰি ক্ষীপ্ৰগতিত তদন্ত আগবঢ়োৱা হৈছিল। জানিব পৰা মতে, অভিযুক্ত তিনিওজনেই কোকৰাঝাৰাৰ (Kokrajhar) শালবাৰীৰ (Salbari) বাসিন্দা।
পৰৱৰ্তী সময়ত অৰ্থাৎ ৬ এপ্ৰিলত আটাইকেইজন অভিযুক্তক ভাৰতীয় দণ্ডবিধি আইনৰ ১২০(বি)/৩০২/৩৭৬(এ)/৩৭৬(ডি)/৩৭৬(ডি)(এ)আইপিচি আৰু আৰ/ডব্লিউ ছেকচন ৬ পস্ক’ এক্টৰ লগতে আৰ/ডব্লিউ ছেকচন ৩ (১)(ডব্লিউ)/৩(২)(৫) এছচি/এছটি প্ৰিভেনছন এক্ট ১৯৮১ মৰ্মে দোষী সাব্যস্ত কৰে কোকৰাঝাৰ বিশেষ আদালতৰ ন্যায়াধীশ চি চতুৰ্বেদীয়ে।
ঘটনা সন্দৰ্ভত শুকুৰবাৰে গোচৰৰ চূড়ান্ত ৰায় প্ৰদান কৰি তিনিওজনকে ফাঁচীৰ নিৰ্দেশ দিছে আদালতে। আদালতৰ এই ৰায়ৰ পিছতে কিশোৰী দুগৰাকীৰ পৰিয়ালে অসম চৰকাৰৰ লগতে আদালতক ধন্যবাদ জ্ঞাপন কৰে। ইফালে ৯ মাহৰ ভিতৰত ধৰ্ষণকাণ্ডৰ ৰায় প্ৰদান কৰাৰ বাবে আনন্দ প্ৰকাশ কৰিছে অসমবাসীয়েও।
আজি কোকৰাঝাৰ আদালত চৌহদত ৰায়দান শুনিবলৈ অজশ্ৰ লোকে ভিৰ কৰে। আদালতৰ ৰায়দানত সন্তুষ্টি প্ৰকাশ ৰাইজৰ লগতে ভুক্তোভোগীৰ পৰিয়ালৰ।
Photo: Twitter
Discussion about this post