এইবাৰ অৰুণাচলী সুৰাৰ চোৰাং বেহাত নামিল তথাকথিত পৰ্টেল সাংবাদিক। লখিমপুৰত অৰুণাচলী অবৈধ সুৰাসহ আবকাৰী বিভাগে হাতে-লোটে ধৰিলে স্বয়ম্ভূ সাংবাদিকক। লখিমপুৰৰ লালুকৰ পুখুৰীপৰীয়াত পুৱতি নিশা আবকাৰী বিভাগৰ অভিযান।
অভিযানত বৃহৎ পৰিমাণৰ অবৈধ অৰুণাচলী সুৰাসহ জালত পৰিল দীপক গোহাঁই নামৰ প্ৰৱঞ্চক। দীপক গোঁহাইৰ বাসগৃহত আবকাৰীয়ে অভিযান চলাই জব্দ কৰে বিভিন্ন ব্ৰেণ্ডৰ বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা।
আবকাৰী বিভাগে গ্ৰেপ্তাৰ কৰে চোৰাং সুৰা ব্যৱসায় দীপক গোহাঁইক। ইয়াৰ পূৰ্বেও বহুবাৰ জেলৰ ভাত খাবলগীয়া হৈছিল দীপক গোঁহায়ে। সাংবাদিকৰ নাম লৈ চিকিৎকক ধন দাবী, ভুৱা চি বি আই বিষয়া, আদি একাধিক গোচৰত কেবাবাৰো জেল গৈছিল প্ৰৱঞ্চকটো।
জেলৰ পৰা ওলায়েই পুনৰ নিজকে সাংবাদিক পৰিচয় দি আৰম্ভ কৰিছিল সুৰাৰ চোৰাং ব্যৱসায়।
Photo & Input: ইছৰাকুল ইছলাম
Discussion about this post