সংগীতশিল্পী অনুৰাগ গগৈলৈ আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ পৃষ্ঠপোষকতা –
গুৱাহাটীৰ যুৱ বাদ্যযন্ত্ৰী, গীটাৰ বাদক তথা সংগীত ব্যৱস্থাপক অনুৰাগ গগৈলৈ ভালেমান আন্তঃৰাষ্ট্ৰীয় কোম্পানীয়ে পৃষ্ঠপোষকতা আগবঢ়াইছে। এইক্ষেত্ৰত সংগীতশিল্পী অনুৰাগ গগৈ সমগ্ৰ ভাৰতৰ ভিতৰতে এনে আন্তঃৰাষ্ট্ৰীয় কোম্পানীৰ পৃষ্ঠপোষকতা লাভ কৰা প্ৰথমগৰাকী শিল্পী হিচাবে পৰিগণিত হোৱা বুলি প্ৰকাশ পাইছে। বৰ্তমান তেওঁৰ প্ৰতি মুঠতে ৬ টাকৈ কোম্পানীয়ে পৃষ্ঠপোষকতা আগবঢ়াইছে আৰু এই কোম্পানীসমূহ হৈছে ক্ৰমে ছুইডেনৰ এক্স এ এন অডিঅ’, আমেৰিকাৰ যুক্তৰাষ্ট্ৰৰ গেট গুড ড্ৰামছ, মিক্সৱেভ, ইংলেণ্ডৰ পলি ক্ৰোম ডি এছ, অষ্ট্ৰেলিয়াৰ এছ টি এল টোন্ছ আৰু মেক্সিকোৰ অডিঅ’ এছল্ট।
শিল্পীগৰাকীৰ সংগীত শিক্ষাগুৰু ইমতিয়াজ আলম (Imtiaz Alam) য়ে LinkedIn ত post কৰি কৈছে Making Assam Proud, My dear student Anurag Gogoi has been selected as an internationally sponsored artist supported by the Global Team Members at STL Tones.
ব্যতিক্ৰমী শৈলীৰ সংগীতেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা অনুৰাগ গগৈৰ এনে সফলতাই নৱপ্ৰজন্মৰ শিল্পীসকলক বিশেষভাবে উৎসাহিত কৰিব বুলি তেওঁৰ অনুৰাগীমহলে প্ৰকাশ কৰিছে।
Discussion about this post